আজিৰে পৰা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা ৯ মাৰ্চলৈ চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ আৰম্ভ হৈছে। জামুগুৰীয়া ৰাইজৰ হৃদয়ৰ স্পন্দন স্বৰূপ বাৰেচহৰীয়া ভাওনাক লৈ জামুগুৰিহাটত এতিয়া উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে। পুৱা ভাওনা মহোৎসৱৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। এই শোভাযাত্ৰাই বৰভগীয়া গাৱৰ নামঘৰৰ পৰা পকামুৰা পথাৰলৈকে প্ৰায় চাৰি কিলোমিটাৰ পথ অতিক্ৰম কৰে ৷ বিভিন্ন জাতি জনগোষ্টীৰ কৃষ্টি সংস্কৃতিয়ে এই শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয় ৷