আজাদী কা অমৃত মহোৎসৱ ৰ লগত সংগতি ৰাখি ‘স্বচ্ছতা হি সেৱা-২০২১’ কাৰ্যসূচীৰ শুভাৰম্ভ

pc- facebook

আজাদী কা অমৃত মহোৎসৱ ৰ লগত সংগতি ৰাখি ‘স্বচ্ছতা হি সেৱা-২০২১’ কাৰ্যসূচীৰ শুভাৰম্ভ

অনলাইন বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ দ্বাৰা উদযাপিত কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি ‘স্বচ্ছতা হি সেৱা-২০২১’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানটোত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ভাৰত চৰকাৰ খোৱাপানী আৰু অনাময় বিভাগৰ উপ সঞ্চালক প্ৰধান হিৰণ্য বৰা (আইএছএছ), জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচী (আইএএছ), অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু অনাময় বিভাগৰ আয়ুক্ত আৰু সচিব তথা স্বচ্ছ ভাৰত অভিযান (গ্রামীণ) অসমৰ অভিযান সঞ্চালক আকাশদ্বীপ (আইএএছ)উপস্থিত আছিল।এই অনুষ্ঠানটো আকাশদ্বীপৰ (এম ডি এছ বি এম জি) স্বাগতম ভাষণেৰে আৰম্ভ হৈছিল, তেওঁ আজাদী কা অমৃত মহোৎসৱ, এছ এইচ এছ, স্বচ্ছ সৰ্বেক্ষণ আৰু স্বচ্ছ ভাৰত দিৱসৰ উদ্দেশ্যৰ বিষয়ে বর্ণনা কৰে। জলশক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় মন্ত্রালয়ে সমগ্ৰ ভাৰতত ২ অক্টোবৰলৈ এছ এইচ এছ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ অংশ হিচাপে অসমতো এছ এইচ এছ ২০২ উদ্বোধন কৰা হʼব, যʼত কেইবাটাও কার্যকলাপ যেনে— সত্যাগ্রহ চে স্বচ্ছাগ্রহ ৰথযাত্রা, শ্রমদান, স্বচ্ছতা জাগৃতি যাত্রা, স্বচ্ছতা চেম্পিয়নৰ বঁটা আৰু স্বীকৃতি, গ্রাম পঞ্চায়ত আদিৰ সৈতে সম্বাদ অনুষ্ঠিত কৰা হ’ব। অনুষ্ঠানটো ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱস উদাযাপনৰ সৈতে সমাপ্ত হʼব।

 

(RT)