আছুৰ নতুন কেন্দ্ৰীয় সমিতি ঘোষণা

আছুৰ নতুন কেন্দ্ৰীয় সমিতি ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  তিনিদিনীয়া কাৰ্যসূচীৰে বিগত ২১ নৱেম্বৰৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ অষ্টাদশ সাধাৰণ অধিৱেশনত সংগঠনটোৰ নতুন কেন্দ্ৰীয় সমিতি ঘোষণা কৰা হৈছে। আছুৰ নতুন সভাপতি হিচাপে উৎপল শৰ্মাক দায়িত্বভাৰ প্ৰদান কৰিছে। পূৰ্বতে উৎপল শৰ্মাই আছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰূপে আছিল। লগতে সাধাৰণ সম্পাদক হিচাপে শংকৰজ্যোতি বৰুৱা পুনৰ নিৰ্বাচিত হৈছে। এই নতুন কমিটিখনৰ মুখ্য উপদেষ্টা হিচাপে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য থাকিব। অৱশ্যে, প্ৰায়বোৰ পদতে পূৰ্বৰ পদত থকা প্ৰাৰ্থীয়ে আগন্তুক ‍বৰ্ষৰ বাবে দায়িত্ব পালন কৰিবলৈ পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে।মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ অধিৱেশনৰ বিষয়ববীয়া বাচনি সভাত নতুন কমিটি আৰু বিষয়ববীয়া নিৰ্বাচন কৰা হয়।