আগন্তুক ২০২৪ চনৰ নিৰ্বাচনৰ কোচকাৱাজ 

আগন্তুক ২০২৪ চনৰ নিৰ্বাচনৰ কোচকাৱাজ 
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  লোক নিৰ্মাণ প্ৰশিক্ষন কেন্দ্ৰ(PWD) দিছপুৰত কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে মহা জনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে গুৱাহাটী লোকসভা সমষ্টি  ভিত্তিক (Social media influencer Meet) বাৰ্তালাপ অনুষ্ঠানত প্ৰায় ২০০ তকৈ অধিক  সক্ৰিয় সামাজিক মাধ্যমৰ কাৰ্য্যকৰ্তা সকলৰ এখনি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । উক্ত অনুষ্ঠানত উপস্থিত থাকে মাননীয় সাংসদ কুইন ওজা বাইদেউ, জিলা সভাপতি তপন চন্দ্ৰ দাস ডাঙৰীয়া, ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা ডাঙৰীয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া প্ৰমুখ্যে দলৰ জেষ্ঠ নেতা সকল।  উক্ত অনুষ্ঠান সাংসদ কুইন ওজা নিজৰ ভাষনত উল্লেখ কৰি কয় মাননীয় দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ লগতে অসমৰ উন্নয়নৰ কথা প্ৰতিটো মূহুৰ্তত আলোচনা কৰে। লগতে সামাজিক মাধ্যমৰ কাৰ্য্যকৰ্তা সকলক চৰকাৰৰ কাম কাজ সমূহ digital মাধ্যমেৰে ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনাই।মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াই কাৰ্য্যকৰ্তা সকলক সাংগঠনিক দিশত Social media ত কেনেকৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি তাৰ ওপৰত পৰামৰ্শ আগবঢ়াই। সভাৰ অন্তিমটো কাৰ্য্যসুচী হিচাপে কাৰ্যকৰ্তাৰ মতামত শুনাৰ লগতে এনে কিছু শুভকাংশী ব্যক্তিয়ে নিজৰ মত প্ৰকাশ কৰি কয় যে তেওঁলোক দলৰ কোনো দায়িত্বত প্ৰতেক্ষভাৱে জঢ়িত নহয় যদিও মোদীজীৰ কাম কাজত মুগ্ধ হৈ digital মাধ্যমত প্ৰচাৰ কৰি গৌৰৱ অনুভৱ কৰে।।