আগন্তুক ১০ বছৰত স্পেইনৰ বিমান নিৰ্মাতা সংস্থাটোৰ সৈতে যৌথভাৱে ভাৰতত মুঠ ৪০খন চি-২৯৫ সামৰিক পৰিবহণ বিমান নির্মাণ কৰা হ’বঃ টি এ এছ এল

pc Mint

আগন্তুক ১০ বছৰত স্পেইনৰ বিমান নিৰ্মাতা সংস্থাটোৰ সৈতে যৌথভাৱে ভাৰতত মুঠ ৪০খন চি-২৯৫ সামৰিক পৰিবহণ বিমান নির্মাণ কৰা হ’বঃ টি এ এছ এল

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় বায়ুসেনাৰ বাবে টাটা আৰুস্পেইনৰ সংস্থা ‘এয়াৰ বাছ ডিফেঞ্চ এণ্ড স্পেচ’ৰ মাজত যৌথভাৱে বিমান নিৰ্মাণ কৰিবলৈ এক চুক্তি স্বাক্ষৰিত হয় এই দুয়োটা সংস্থাৰ মাজত। সংস্থা দুটাৰ মাজত চুক্তি স্বাক্ষৰৰ কথা টুইটাৰযোগে সদৰী কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্র ভাৰত ভূষণ বাবুৱে। টাটা এডভান্সড ছিষ্টেমছ লিমিটেড (টি এ এছ এল)ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে ২০ হাজাৰ কোটি টকাৰ চুক্তি অনুসৰি আগন্তুক ১০ বছৰত স্পেইনৰ বিমান নিৰ্মাতা সংস্থাটোৰ সৈতে যৌথভাৱে ভাৰতত মুঠ ৪০খন চি-২৯৫ সামৰিক পৰিবহণ বিমান নির্মাণ কৰা হ’ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ৫ৰ পৰা ১০ টন ক্ষমতাসম্পন্ন স্পেনীয় বিমানবোৰ ভাৰতীয় বায়ুসেনাৰ ৫ দশকৰ পুৰণি এলো-৭৪৮ৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হ’ব।