আকৌ দ্বিখণ্ডিত হব নেকি অসম ?
বিভিন্ন সংবাদ মাধ্যমৰ খবৰ অনুসৰি দীৰ্ঘদিন ধৰি উত্থাপন হৈ অহা দাবীৰ মান্যতা প্ৰদান কৰি গঠন কৰা হব কমতাপুৰ। যদি এই খবৰ সঁচা প্ৰমাণিত হয় তেনেহলে বংগ ভংগৰ লগতে অসমৰ মানচিত্ৰও যে সলনি হব সেই কথা প্ৰায় নিশ্চিত। ইতিমধ্যে বৰ অসমৰ ভেটি খহাই ভাষা অথবা জনগোষ্ঠীৰ ভিত্তিত উত্তৰ পূৰ্বাঞ্চলত সাতখন সুকীয়া ৰাজ্যৰ সৃষ্টি কৰা হৈছে। ইয়াৰ উপৰিও অসমৰ কিছুমান ভাষা অথবা জনগোষ্ঠীৰ লোক থকা ঠাই সমূহক সামৰি স্বায়ত্ব পৰিষদ গঠন কৰি স্বায়ত্ব শাসিত অঞ্চলৰ সৃষ্টি কৰা হৈছে। ইমানখিনিলৈকে সকলো ঠিকে আছিল। অসমৰ কোনো খিলঞ্জীয়া লোকে নিবিচাৰে যে আকৌ এবাৰ অসমৰ ভূমি দ্বিখণ্ডিত হওক অথবা অসমৰ মানচিত্ৰৰ পৰা আঁতৰি অন্য ৰাজ্য নাইবা কেন্দ্ৰীয় শাসিত অঞ্চলত অন্তৰ্ভুক্ত হওক। বৰ অসম বুলি অসমৰ যি পৰিচয় আছিল সেইয়া পূৰ্বতে হেৰুৱাইছে কিন্তু বৰ্তমান অসমৰ যি স্বকীয় পৰিচয় আছে সেই পৰিচয় হেৰুৱাটো কোনো অসমীয়া লোকে কামনা নকৰে। বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত এক সমন্বয়ৰ সাঁকো অসমত বৰ্তি আছে ইয়াৰ উপৰিও বিভিন্ন কৃষ্টি-সংস্কৃতি, শিল্প-কলা আদিৰ জৰিয়তেও অসমে বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় বহন কৰে। অসমৰ ভূমি যাতে কোনো কাৰণতে অসমৰ পৰা আঁতৰাই নিব নোৱাৰে তাৰ বাবে ৰাজনৈতিক-অৰাজনৈতিক সকলো লোকে একত্ৰিত হৈ ইয়াৰ বাবে মাত মাতটো এগৰাকী অসমীয়া হিচাপে নিজৰ কৰ্তব্য বুলি গণ্য কৰিব লাগে। বৰ অসম প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমান। প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমানৰ লগতে অসমৰ ঐতিহ্য আৰু সমন্বয় অটুট ৰখাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য সেইয়া লাগিলে যি পৰিবেশ অথবা পৰিস্থিতিয়ে নহওক। অসমক দ্বিখণ্ডিত কৰি কমতাপুৰ গঠন কৰাৰ লগে লগে আকৌ বহুতো প্ৰশ্নৰ উদয় হব। কমতাপুৰ গঠনৰ আশ্বাস লাভ কৰাৰ লগে লগে সশস্ত্ৰ সংগ্ৰামী নেতা সকলে মূল সুঁতিলৈ ঘূৰি অহাৰ পিছত এতিয়া লক্ষণীয় হৈ পৰিব ৰাজ্যৰ অন্যান্য সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখা সংগঠনসমূহৰ স্থিতি কি হব ? যদি এনেদৰে সকলোৰে দাবী পূৰণ কৰি নতুন নতুন ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয় তেনেহলে হয়তো এদিন অসমৰ অস্তিত্ব ইতিহাসৰ পাতত বিলীন হৈ যাব। সম্প্ৰীতি আৰু সমন্দ্বয়ৰ দোলেৰে একত্ৰিত হৈ অসমৰ অস্তিত্বক জীয়াই ৰখাটো প্ৰতিগৰাকী অসমীয়াৰ কাম্য। অসমত বসবাস কৰা সকলোৱে জাতি, ধৰ্ম, বৰ্ণৰ উৰ্ধত থাকি নিজকে এগৰাকী অসমীয়া হিচাপে চিনাকি দিয়াটো নিজৰ নৈতিক দায়িত্ব। অসম আৰু অসমীয়া জাতিৰ সংকটৰ সময়ত প্ৰতিটো জাতীয়তাবাদী সংগঠনে তেওঁলোকৰ স্পষ্ট মতামত প্ৰকাশ কৰাটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য। সংবাদ মাধ্যমৰ জৰিয়তে লাভ কৰা খবৰ যদি সঁচা হয় তেনেহলে সেয়া যে অসমৰ বাবে এক দুৰ্ভাগ্যজনক খবৰ সেই কথা প্ৰতিগৰাকী স্বাভিমানী অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিছে।
দেবর্ষি গৌতম
বনগাঁও