আই ঘৰলৈ যাম দুই হাতে…….
এটা আকৰ্ষণীয় অৱসৰ বিনোদন। তাকো ক্ষন্তেকীয়া নহয়; এদিন? দুদিন?… সম্পূৰ্ণ চাৰিদিন। ঠিকেই অসম চৰকাৰৰ অধীনত থকা কৰ্মচাৰীৰ বাবে বিশেষ বিনোদন। কিমান যে ভাল লগা কথা। এখন চৰকাৰে নিজৰ অধীনত কৰ্মৰত প্ৰত্যেকজন কৰ্মচাৰীৰ মনস্তাত্বিক দিশটোৰ কিমান ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়টোলৈকে চকু ৰাখিছে। সঁচাকৈ এটা যুগান্তকাৰী সিদ্ধান্ত বাবে প্ৰশংসনীয় পাত্ৰ আমাৰ মুখ্যমন্ত্ৰীজন।টি.ভিৰ প্ৰতিটো চেনেলতে ৰাতিপুৱাৰ পৰা গধুলিলৈকে বিভিন্ন ঠাইৰ পৰা দেখা পোৱা দৃশ্য বোৰে মনটোক আলোড়িত কৰি তুলিছে। চকুবোৰ সেমেকিও উঠিছে। ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে এই কৰ্মচাৰী সকলে কেতিয়াও চাকৰিৰ অজুহাত দেখুৱাই নিজৰ পিতৃ- মাতৃক বা শাহু- শহুৰৰ আবেগৰ বান্ধোনৰ পৰা আঁতৰ কৰি বৃদ্ধাশ্ৰমত দিন কতাবলৈ এৰি থৈ নাহে। এই চাৰিদিন আনন্দ ষ্ফুটিৰে কটাই আপোন মানুহৰ আবেগৰ পৰশেৰে উজ্জীৱিত হৈ যেতিয়া কৰ্মস্থানলৈ পুনৰ ঘুৰি আহিব তেতিয়া অন্ততঃ নিজৰ কৰ্মটোক শ্ৰদ্ধা জনাই সেৱাৰ মনোভাৱেৰে ৰাইজৰ হকে কাম কৰে। কৰ্মসংস্কৃতিৰ নমুনা দেখুৱালৈ যাতে সংবাদ দাতাৰোৰ কেতিয়াও অফিচে অফিচে ঘুৰিব লগা নহয়। সদায় সঠিক ভাবে কৰাসকলেও যেন আৰু দুগুণ উৎসাহেৰে নিজৰ কৰ্মত ব্ৰতী হয়।
যি কি নহওঁক লোকৰ সুখ দেখি ঈৰ্ষা উপজি এনেবোৰ বক্তব্য লিখা নাই। কিন্তু মনত আক্ষেপ উপজা কথা এটা হে ক’ও, যিখন ঘৰত আজিৰ এই আনন্দৰ বন্যা বৈছে সেই ঘৰখনত থকা ব্যক্তিগত খণ্ডত জড়িত হৈ কাম কৰা ব্যক্তিজনৰ অৱস্থা বাৰু কেনে হৈছে? আজি ওচৰৰ এঘৰত দেখিলো “তোমালোকেই ভোট দি চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবা। আজিৰ পৰা মই কেতিয়াও ভোট দিব নাযাও” বুলি আক্ষেপেৰে কোৱা। হাঁহি উঠিল যদিও দকৈ ভাবিলো, হয় ব্যক্তিগত প্ৰতিস্থানত কৰ্মৰত যুৱকজন সদায় চৰকাৰী খণ্ডৰ কৰ্মচাৰী কেইজনতকৈ সদায় আগতে যায় আৰু সদায় নিয়মিত ভাবে কৰ্মস্থলীত সময়মতে উপস্থিত হোৱাৰ লগতে সন্ধ্যাও আটাইকেইজনতকৈ দেৰি কৈহে কৰ্মস্থানৰ পৰা উলতে। প্ৰতি মুহৰ্ত্বতে নিজৰ কৰ্মক লৈ সচেতন আৰু কামটো কিমান নিখুত নিয়াৰিকৈ উপস্থাপন কৰিব পাৰে তাকে লৈ ব্যস্ত হৈ থাকে। তেওঁলোক কৰ্মস্পৃহা, কৰ্মদক্ষতা, পাৰদৰ্শিত কোনোগুণেই চৰকাৰী কৰ্মচাৰীতকৈ কম নহয় বৰঞ্চ কিছুগুণে উন্নত মানদণ্ডৰহে। যিহেতু ব্যক্তিগত খণ্ডত ব্যক্তিক পাৰৰ্দশিতাৰ ভিত্তিতহে নিয়োগ কৰা হয়। কিন্তু তেওঁলোকৰ সুবিধা কি? কি পায় তেওঁলোকে? এইক্ষেত্ৰত প্ৰতিস্থান সমুহ স্বত্বাধিকাৰীসকলক দোষাৰোপ কৰিব নোৱাৰি, কিয়নো প্ৰতিযোগীতাৰ পৃথিৱীখনত সময়ৰ মূল্য প্ৰতিযোগী সকলেহে বুজি পায়। এই প্ৰতিযোগীতাৰ দৌৰত নিজকে প্ৰতিস্থিত কৰা আৰু নিজৰ স্থানটোৰ সাজোৰে ধৰি আৰু খুপনি পুতি সেই দৌৰত সমানে দৌৰি যোৱাৰ যি ধৈয্য আৰু সাহস তাক বৰ্তাই ৰখাটো সেই স্বাত্বাধিকাৰী সকলেহে বুজি পায়।গতিকে সেই সকলে সময়ক সচাকৈয়ে মুকুতা জ্ঞান কৰিবই লাগিব। কিন্তু সেইসকলৰ যেতিয়া নিৰ্বাচন বুলি, বিভিন্ন দল সংগঠনে দিয়া বন্ধ বুলি, মুল্যবৃদ্ধিৰ প্ৰতিবাদ আদি বিভিন্ন কাৰণত সময় ক্ষতি কৰা হয় তেতিয়া সেই ক্ষতি পুৰণ কৰা কিমান কষ্টকৰ সেয়া সহজে বোধগম্য নহয়। এই ক্ষতি তেওঁলোকক কোনেওঁ পুৰণ কৰি নিদিয়ে। কৰুণা কালৰ কৰুণ প্ৰতিচ্ছবি সকলোৱেই দেখিছে। সামান্য সাহাৰ্য্যই সকলোনে? তাকো জানো সকলোৱেই পাইছিল? এওঁলোকৰ বাবে চৰকাৰৰ কৰণীয় একোৱেই নাইনে? অস্বীকাৰ নকৰো বাৰু, কাৰণ চৰকাৰী কৰ্মাচাৰী নোহোৱা সকলৰ কাৰণে বিভিন্ন আঁচনিও ৰূপায়ন কৰিছে। কিন্তু হিতাধিকাৰী কোন সকলে পাইছে? তাৰ খবৰৰ কিবা স্পষ্ট খতিয়ান আছেনে চৰকাৰৰ হাতত? পঞ্চায়ত লেভেলত কেনেধৰণে হিতাধিকাৰী নিৰ্বাচন হয় সকলোৱে ইটো জানে? যদি সাধাৰণ শ্ৰেণীৰ লোক হয় তেতিয়া টো কথাই নাই? একেবাৰে নিম্নশ্ৰেণীৰ লোকসকলকো বাৰু যথেষ্ট সহায় চৰকাৰে কৰিছে। কিন্তু মাজতে অতি কষ্টৰে কৰ্ম কৰি পেট প্ৰৱতোৱা শিক্ষিত ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰে গঢ় লৈ উঠা নিম্ন মধ্যবিত্ত শ্ৰেণীটোৰ কথা অলপ চৰকাৰে ভাৱক।তাতে এই শ্ৰেণীটোতো General Cust নামৰ ভূতটোৰ খোৱা কামোৰা বোৰোআছে। এই শ্ৰেণীটোৰ লোকসকলেও সুস্থিৰ এখন চৰকাৰ গঠনৰ আশাত, নতুন এখন চৰকাৰ আহিলে নিশ্চয় কিবা এটা হব এই আশাত জিন্দাবাদ জিন্দাবাদ চিয়ৰিবলৈ প্ৰত্যেকটো নিৰ্বাচনৰ সময়তেই যায়।
যুৱকজনৰ কথাবোৰ ভাবিলো, সচাঁই সি এইবোৰকে পৰৱৰ্তী সময়ত ঘৰত সমবেত হোৱা চৰকাৰী দাদা-বৌয়েকক শুনালে। আক্ষেপেৰে ক’লে চৰকাৰী কৰ্মাচাৰী আকৌ জিন্দাবাদ চিয়ৰিবলৈও যাব নোৱাৰে বুলি মোকে পঠোৱা নিৰ্বাচনৰ ৰেলীত। এইবাৰ নাযাও আৰু ভোটো নিদিও। সকলোৰে বুকুবোৰ আবেগেৰে গধুৰ হৈ পৰিল। আই ঘৰলৈ যাম, দুয়ো হাতে খাম….।
যুথিকা ৰাণী শৰ্মা