আইআইটি মাদ্ৰাজত সফলতাৰে 5জি কল পৰীক্ষা কৰে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰীয়ে

pc India.com

আইআইটি মাদ্ৰাজত সফলতাৰে 5জি কল পৰীক্ষা কৰে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আইআইটি মাদ্ৰাজত ৫জি অডিঅ’ আৰু ভিডিঅ’ কলৰ সফল পৰীক্ষা কৰিছিল। “আত্মনিৰ্ভৰ ৫জিৰ সম্পূৰ্ণ এণ্ড-টু-এণ্ড নেটৱৰ্কটো ভাৰতত ডিজাইন আৰু বিকশিত কৰা হৈছে,” মন্ত্ৰীজনে ৫জি কলৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ সময়ত টুইট কৰে। ২২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আইআইটি মাদ্ৰাজ নেতৃত্বাধীন ৫জি টেষ্টবেডখন মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল।