অৰ্থনৈতিক ভাৱে দূৰ্বল ১২ গৰাকী মহিলাক চিলাই মেচিন অনুদান গোলাঘাট লায়ন্স ক্লাৱৰ

অৰ্থনৈতিক ভাৱে দূৰ্বল ১২ গৰাকী মহিলাক চিলাই মেচিন অনুদান গোলাঘাট লায়ন্স ক্লাৱৰ

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট লায়ন্স ক্লাৱৰ গৌৰৱোজ্জ্বল ৫০ বছৰীয়া মানৱ সেৱাৰ পৰিক্ৰমাত আজি আন এক প্রচেষ্টা । অৰ্থনৈতিক ভাৱে দূৰ্বল, চিলাই আৰু এমব্ৰদাৰীত দক্ষতা থকা ১২ গৰাকী মহিলাক ১২ টি ঊষা কোম্পানীৰ চিলাই মেচিন লায়ন্স ক্লাৱৰ সদস্য আৰু লায়ন্স ক্লাৱৰ লগত জড়িত ব্যক্তিয়ে অনুদান হিচাপে আগবঢ়ায় । গোলাঘাট পৌৰসভা ৰ পৌৰপতি শ্ৰীযুতা দুলুমণি বৰবৰা, উপ পৌৰপতি শ্ৰী সীমান্ত বৰা, বৰবৰা সমাজ সেৱিকা ৰূপা শ‍ইকীয়াৰ উপস্থিতিত এই চিলাই মেচিনবোৰ প্ৰদান কৰা হয়।