অৰ্জুন বঁটা ২০২২ৰ বাবে অসমৰ নয়নমণি শইকীয়াৰ নাম অনুমোদন

অৰ্জুন বঁটা ২০২২ৰ বাবে অসমৰ নয়নমণি শইকীয়াৰ নাম অনুমোদন

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰত্যেক বছৰে ক্ৰীড়া মন্ত্ৰালয়ে দেশৰ সফল খেলুৱৈক প্ৰদান কৰে অৰ্জুন বঁটা। এইবাৰৰ অৰ্জুন বঁটা ২০২২ৰ বাবে অসমৰ নয়নমণি শইকীয়াৰ নাম অনুমোদন কৰা হৈছে। ক্ৰীড়া মন্ত্ৰলয়ৰ অধীনৰ বিশেষ কমিটিয়ে অনুমোদন জনাইছে নয়নমণি শইকীয়াৰ নাম।এই অনুমোদন অনুসৰি অৰ্জুন বঁটাৰ বাবে নাম ঘোষণা হ’লে নয়নমণি শইকীয়া হ’ব অসমৰ সপ্তমগৰাকী খেলুৱৈ।উল্লেখ্য, ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস, লাভলিনা বৰগোহাঁইৰ পিছত হ’ব নয়নমণি শইকীয়া।