অৰিন্দম ন্যাস আৰু সঁফুৰাৰ উদ্যোগত অৰিন্দম কৌশিক সোঁৱৰণী শিশু-চেমনীয়া নাট প্রতিযোগিতাৰ সামৰণি

অৰিন্দম ন্যাস আৰু সঁফুৰাৰ উদ্যোগত অৰিন্দম কৌশিক সোঁৱৰণী শিশু-চেমনীয়া নাট প্রতিযোগিতাৰ সামৰণি

গুৱাহাটী,মৃদুস্মিতা শৰ্মা , ৰঙিলী বাৰ্ত্তাসেৱা- অৰিন্দম ন্যাস আৰু সঁফুৰাৰ উদ্যোগত যোৱা ৩১ মার্চত সদৌ অসম ভিত্তিত অৰিন্দম কৌশিক সোঁৱৰণী শিশু-চেমনীয়া নাট প্রতিযোগিতাৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, উজান বজাৰ, গুৱাহাটীত সফল সামৰণি পৰে। এই প্রতিযোগিতাৰ প্রথম স্থান গুৱাহাটীৰ দেওহাৰু নাট্যগোষ্ঠী, নাটক টিয়ার্চ অব দা হাংৰী গ্লৱ, দ্বিতীয় স্থান নলবাৰীৰ সমন্বয় নাট্যগোষ্ঠী, নাটক- ফচকলি ডট্ কম, গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়, পেটৰ অগণিয়ে সবাকে দংশিব তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। বিচাৰকৰ বিশেষ বঁটা পাণবাৰীৰ প্ৰাথমিক বিদ্যালয়ৰ নাটক ‘জয়মতী’, শ্রেষ্ঠ্য নাট্যকাৰ তাপশ তৰুণ শইকীয়া, শ্রেষ্ঠ পৰিচালক হেমন্ত ফুকন, দ্বিতীয় শ্রেষ্ঠ পৰিচালক শতদল বৈশ্য, প্রথম শ্রেষ্ঠ অভিনেতা হর্ষদ ডি কাশ্যপ, দ্বিতীয় শ্রেষ্ঠ অভিনেতা কৰণ কাশ্যপ, তৃতীয় শেষ্ঠ অভিনেতা হেমাঙ্গ কাশ্যপ, শ্রেষ্ঠ অভিনেত্রী প্রথম নিয়ৰ কণা দাস, দ্বিতীয় অভিনেত্রী শিবাংগী মিচিদ, তৃতীয় অভিনেত্রী আর্হি অন্যন্যা কাশ্যপ, শ্রেষ্ঠ কৌতুক অভিনেতা ভার্নব শর্মা বশিষ্ট। প্রতিযোগিতাত প্রথম শ্রেষ্ঠ নাট্যদল, দ্বিতীয় শ্রেষ্ঠ নাট্যদল, তৃতীয় শ্রেষ্ঠ নাট্যদলক ক্রমে ১৫,০০০, ১০,০০০ আৰু ৭,০০০ নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে বঁটা আৰু মানপত্ৰ লগতে কিতাপৰ টোপোলাও দিয়া হয়। ইয়াৰোপৰি ১ম শ্রেষ্ঠ অভিনেতা, ২য় শ্রেষ্ঠ অভিনেতা, ৩য় শ্রেষ্ঠ অভিনেতা, শ্রেষ্ঠ পৰিচালক, শ্রেষ্ঠ নাট্যকাৰ, ১ম শ্রেষ্ঠা অভিনেত্রী, ২য় শ্রেষ্ঠা অভিনেত্রী, ৩য় শ্রেষ্ঠা অভিনেত্রী, শ্রেষ্ঠ কৌতুক অভিনেতা বিচাৰকৰ বিশেষ বঁটা ৩ জনক দিয়া হয়। নাটকৰ বিচাৰকসকল আছিল ক্রমে বিশিষ্ট নাট্যকাৰ, পৰিচালক শ্রীযুত নৰেন পাটগিৰি, শ্ৰীযুত অনুপজ্যোতি চৌধুৰী আৰু শ্রীমতী প্রণামী বৰা। ৰাতিপুৱা বিশিষ্ট নাট্যকাৰ অধ্যাপক ড. জগদীশ পাটগিৰী আৰু বিশিষ্ট চিনেমা নির্মাতা ভাৰত চৰকাৰৰ বঁটাপ্ৰাপক শ্ৰীযুত হেমন্ত কুমাৰ দাসদেৱে মঞ্চ মুকলি কৰে। আবেলি চাৰি বজাত অধ্যাপক গংগাপদ চৌধুৰী, বিশিষ্ট মাইম অভিনেতা সংগীত নাটক একাদেমী বঁটাপ্রাপক শ্রীযুত মাইনুল হক আৰু বিশিষ্ট সাংবাদিক তথা কার্যবাহী সম্পাদক অসমীয়া প্রতিদিনৰ শ্ৰীযুত অচ্যুত পাটোৱাৰীৰ লগতে অবিন্দম ন্যাসৰ মুখ্য ন্যাসৰক্ষী অধ্যাপক শ্রীযুত ৰাতুল শর্মাদেরে বঁটা প্রদান কৰে। বিশিষ্টলোকসকলে এনেকৈ সঁফুৰা আৰু অৰিন্দম ন্যাসৰদ্বাৰা শিশুসকলৰ উৎকর্ষ বিকাশৰ কাৰণে কাম কৰাৰ শলাগ লয় আৰু প্ৰত্যেক বছৰে শিশুসকলক লৈ এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। নাটকৰ অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী কিৰণ বড়ো আৰু সাংবাদিক মৃদুস্মিতা শৰ্মা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকি শিশুসকলক আশীৰ্বাদ জনায়।