অসুস্থ পৃথিৱীৰ আৰ্তনাদ-এহিয়া আহমেদ

অসুস্থ পৃথিৱীৰ আৰ্তনাদ

এহিয়া আহমেদ
বৰথল কছাৰী গাঁও, মৈৰাবাৰী

সপোনবোৰে চুমা খাই
বিচনাই গান গাই
নৰ্দমাৰ কীটটো কাৰ ঔৰষত জন্মে(?)
গগনত ঈশ্বৰ তললৈ সৰি পৰে
নৰকৰ জুই জিলিকি উঠে
পৃথিৱীখন মৃত্যু মুখত পৰে।

ক’লা ঘোঁৰাত উঠি
পাপী আৰোহীৰ
অবাধ প্ৰৱেশাধিকাৰ
পৃথিৱীখন প্ৰতাৰণাত মৰে।।

নীলা কাপোৰযোৰ
কাউৰীয়ে পিন্ধি
ইবলিচ চয়তানৰ সভাত বহে।
তৰাবোৰে চকুলো টুকে;
অসুখী পৃথিৱীখন মৃত্যু মুখত পৰে।

সূৰ্যোদয় চাবলৈ যাওঁতে
চন্দ্ৰ – তৰাবোৰ নাইকীয়া হ’ল,
টোপনি ভাঙি অসুস্থ পৃথিৱীখন
প্ৰতাৰণাৰ বলি হ’ল।
ভগৱানৰ চিন বিচাৰি
হাবাথুৰি খাই
কৌটি কৌটি তীৰ্থস্থান হ’ল।
কাৰ ঔৰষত(?)
নৰ্দমাৰ কীটটোৰ জন্ম হ’ল।।