অসাৱধানতা,আত্মসন্তুষ্টিয়ে পুনৰ মাতি আনিব বিপদ

Pc Times of India

অসাৱধানতা,আত্মসন্তুষ্টিয়ে পুনৰ মাতি আনিব বিপদ

ৰঙিলী বাৰ্ত্তাসৱা- দেশত ৬৯ কোটি যোগ্য হিতাধিকাৰীৰ ভিতৰত মাত্ৰ ১১ শতাংশ লোকে ক’ভিড সাৱধানতাৰ পালি গ্ৰহণ কৰিছে।সাৱধানতাৰ পালিৰ বাবে যোগ্য ৬৮,৯৭,৬২,১৫২ জন লোকৰ ভিতৰত এতিয়ালৈকে মাত্ৰ ৭,৩০,৯৬,২৮৪ জনেহে ইয়াক গ্ৰহণ কৰিছে।যিটো কেন্দ্ৰৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।সূত্ৰ অনুসৰি,প্ৰায় ৪ কোটি লোকে এতিয়ালৈকে প্ৰথম পালি গ্ৰহণ কৰা নাই,আনহাতে প্ৰায় ৭ কোটি লোকে দ্বিতীয় পালি গ্ৰহণ কৰিব লাগিব।১৫ জুলাইত, কেন্দ্ৰীয় চৰকাৰে চৰকাৰী টিকাকৰণ কেন্দ্ৰবোৰত বিনামূলীয়াকৈ ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ সকলোলোকক সাৱধানতাৰ পালি প্ৰদান কৰাৰ বাবে এক বিশেষ ৭৫ দিনীয়া অভিযান আৰম্ভ কৰিছিল।যোগ্য জনসাধাৰণৰ মাজত কোভিড সাৱধানতাৰ পালি গ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰে ‘ক’ভিড টিকাকৰণ অমৃত মহোৎসৱ’ অভিযানটো ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উদযাপনৰ বাবে চৰকাৰৰ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে অনুষ্ঠিত কৰা হৈছিল।৬০ বছৰ বা তাতকৈ অধিক বয়সৰ ১০.৪৩ কোটি যোগ্য ব্যক্তিৰ ২৯ শতাংশক ২৫ জুলাইলৈকে ক’ভিড-১৯ ভেকছিনৰ সাৱধানতা পালি প্ৰদান কৰা হৈছে।টিকাকৰণৰ লেহেম গতিৰ বিষয়ে সোধাত এক চৰকাৰী সূত্ৰই কয়, “মানুহৰ মাজত আত্মসন্তুষ্টি আৰম্ভ হৈছে।লগতে, ক’ভিডৰ ভয় আৰু নাই কিয়নো মানুহে এতিয়া ৰোগটোৰ সৈতে পৰিচিত হৈছে।এইবোৰ হৈছে ইয়াৰ মুখ্য কাৰণ।”উল্লেখযোগ্য যে, মহামাৰীৰ প্ৰায় আঢ়ৈ বছৰ ৰৈ যোৱাৰ লগে লগে, স্বাস্থ্য সেৱা কৰ্মী, ক্ষেত্ৰ কৰ্মচাৰী আৰু সমাজত ক্লান্তিৰ স্তৰ বৃদ্ধি পাইছে, যাৰ বাবে প্ৰণালীটোক সামূহিকভাৱে পুনৰুজ্জীৱিত কৰা, ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়বোৰ শক্তিশালী কৰা আৰু আত্মসন্তুষ্টি আৰু ভাগৰৰ যিকোনো অনুভূতি আঁতৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।