অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

আদিলুৰ ৰহমান, টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ সভাপতি মোছাব্বিৰ আলী আহমেদৰ সভাপতিত্বত নগাঁও জিলা সাহিত্য ভৱনত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়৷উল্লেখযোগ্য যে আগষ্ট ২৬ আৰু ২৭ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন৷ মোছাব্বিৰ আলী আহমেদক সভাপতি পাতি মুঠ ৬১ জনীয়া এটি শক্তিশালী কমিটি গঠন কৰি দিয়াত আজি শপত গ্ৰহণ অনুষ্ঠানৰ সফল সমাপ্তি ঘটে৷অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবুবক্কৰ ছিদ্দিক, কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নাজিৰ আহমেদ, বিশিষ্ট যুৱ সমাজ সেৱক আবু ইউচুফ ৰাইহান উদ্দিন৷জিলা সভাপতি মোছাব্বিৰ আলী আহমেদে কয় যে আমি ওপৰৱালাৰ নামত শপত খাইছো আজিৰে পৰা নৱ গঠিত নগাঁও জিলা সংগ্ৰাম পৰিষদে আজিৰে পৰাই সংখ্যালঘু ৰাইজ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে আপোচবিহীন ভাৱে ৰাইজৰ স্বাৰ্থত কাম কৰি যাম৷ বিশেষকৈ ড্ৰাগছ শেৱন কাৰী আৰু ড্ৰাগছ ব্যৱসায়ীৰ সৈতে সংগ্ৰাম পৰিষদৰ যুদ্ধ অবিৰত থাকিব৷