অসম লোকবাদ্যৰে চহকী দেশ-  গীতাশ্রী বৰা

‘অসম লোকবাদ্যৰে চহকী দেশ’
             গীতাশ্রী বৰা,গোলাঘাট
ৰঙালী বিহু বুলিলেই লোকবাদ্য সমুহৰ আদৰ বাঢ়ে। বিহুৰ দুদিনমানৰ আগৰ পৰাই বজাৰ -হাট সমুহত বিভিন্ন ধৰণৰ বস্ত্র মেলাকে ধৰি  অনান্য মেলা সমুহত এনে বাদ্যৰ বিক্ৰী হয়।আমি অসমীয়া হৈ লোক-বাদ্য সমুহ চিনি নোপোৱাটো লাজৰ বিষয়।কোনটো লোকবাদ্য কিহেৰে নিৰ্মিত ,কেনেদৰে বজোৱা হয় ,এই বাদ্যৰ অংশ সমুহৰ নাম আদিৰ সম্যক জ্ঞান থকাটো প্ৰয়োজনীয়।বাদ্য সমুহ বজাই মনটো আনন্দত ৰাখিব পাৰি। ল’ৰা-ছোৱালীৰ উভয়ে বাদ্য বজাব পাৰে। ব্যস্ততাৰে ভ’ৰা জীৱনত এই লোকবাদ্য সমুহৰ কোমল মাতে সকলোকে আনন্দ দিব পাৰে ।
ঢোল এবিধ অসমীয়া জনসংস্কৃতিৰ উল্লেখযোগ্য বাদ্য। এইবিধ দেৱবাদ্য সোনকালে বজাব জনাটো ইমান সহজ নহয়।অসমীয়া সমাজত ঢোলৰ নাম কিছুমান আছে।বৰঢোল,পাতিঢোল,চেপাঢোল আদি।
ঢোলৰ লগত বজোৱা আন এবিধ বাদ্য হৈছে তাল । বিহুত ব্যৱহাৰ হোৱা তাল এবিধ ধাতুৰে তৈয়াৰী বাদ্য।খুটিতাল,ভোৰতাল ঢোলৰ লগত বজোৱা হয়। আজিকালি পুৰুষ /মহিলা উভয়ে এই তাল বজোৱা দেখা যায়।
বিহু বুলিলেই নাচনীৰ গগনাই সমাদৰ লাভ কৰে। গগনা সহজেই বজাব পাৰি । মুখৰ দুই ওঁঠৰ মাজত ধৰি  ,বুঢ়া আঙুলিৰে গগনা বজাই মুখেৰে ফুৱাই সুৰৰ সৃষ্টি কৰা হয়। গগনা দুবিধ — ৰামধন গগনা আৰু লাহৰি  গগনা ।ৰামধন গগনা পুৰুষে বজায় আৰু লাহৰি গগনা মহিলাই বজাই খোপাত গুজি ৰাখে। নাচি থাকোতে নাচনীয়ে গগনা বজাই আকৌ খোপাত গুজি ৰাখে।তাঁতৰ ব’ তোলা চুঙাৰ পৰাও গগনা বনোৱা হয়।লোকবিশ্বাস অনুসৰি মুখ চোকা শিপিনীৰ পৰা ব’ চুঙা চুৰি কৰি গগনা সাজিলে গগনা ভালকৈ বাজে। অসমীয়া সমাজত চিৰিপাতি মঙ্গল চোৱা হয় এই গগনাৰ দ্ধাৰাই ।
  ” আগলি বাঁহৰে লাহৰি গগনা,
বহি তাঁতৰ পাটত বাওঁ ,
      আহে কি নাহে মোৰ ধন চেনাই ঐ ,
    চিৰিপাতি মঙ্গলখন চাওঁ “।
 কোনো কোনোৱে গগনাৰ আকৃতি চাই গগনাৰ নাম দিয়ে এনেধৰণৰ শালিকী-ঠুঁটীয়া গগনা ,চুঙা গগনা ,বৰ গগনা আদি।
বিহু নৃত্যৰ লগত সংগতি ৰাখি বজোৱা হয় পেঁপা।পেঁপা এবিধ সুষিৰ বাদ্য। মুখেৰে ফু দি বজোৱা বাদ্যক সুষিৰ বাদ্য বুলি কোৱা হয়। ম’হৰ  শিঙৰ ৰ পৰা পেঁপা বনোৱা হয় । ম’হৰ দুটা শিঙৰ পৰাও পেঁপা বনোৱা হয় যাক কোৱা হয় ‘যুৰীয়া পেঁপা’।ম’হৰ শিঙৰ পেঁপাৰ মুল চাৰিটা অংশ থাকে।হোলা বা খোলা ,নলিচা বা গফনলা,মুখনি বা চুপহি আৰু থুৰি বা ৰিফ। বসন্ত কালত পেঁপাটো বজাবলৈ ভাল আৰু পেঁপাৰ মাতটো সুৱলাকৈ ওলায়।
আন এবিধ বাদ্য হল বাঁহী। বাঁহী শ্রীকৃষ্ণৰ একান্ত সংগী এই বাদ্য।প্ৰাচীন কালৰে পৰাই বাঁহীৰ অমিয়া সুৰে সকলোকে মোহিত কৰি আহিছে।বংশী,মুৰুলী ,বেণু আদি যি নামেৰে নামাকৰণ কৰা নহওঁক বাঁহীৰ কোমল সুৰে সকলোকে মন মোহে। কেৱল বিহুগীততে যে বাঁহী সংগত কৰা হয় এনে নহয় বৰগীত,লোকগীত,নেগেৰা,দিহানাম আদি গীততো বাঁহী বজোৱা হয়।
বিহুৰ লগত জড়িত আন এবিধ লোকবাদ্য হল ‘সুতুলি’। মাটিৰ দ্ধাৰা  প্ৰস্তুত কৰা এই সুতুলি ৰ গাৰ অংশত তিনিটা বিন্ধা আছে। মৰাণ সকলে  সুতুলি বাদ্য মাটিৰ পৰিৱৰ্ত্তে বাঁহেৰে প্ৰস্তুত কৰে। সুতুলিৰ তিনিটা ভাগ থাকে — বটল সুতুলি,পিঠা সুতুলি আৰু পক্ষী সুতুলি।
বিহুগীতত বজোৱা আন এবিধ লোকবাদ্য টকা।বাঁহেৰে নিৰ্মিত এই টকা বজাবলৈ সহজ।হাতছাপৰিৰ ছন্দক ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল ।
অসমীয়া লোকসংস্কৃতিৰ বিভিন্ন জাতি-জনজাতিৰ মাজত কিছুমান তত:বাদ্য ব্যৱহাৰ হয়। তাঁৰেৰে প্ৰস্তুত কৰা এই তত:বাদ্যসমুহ বীণ,বীণা,টোকাৰী ,একতাৰা,দোতোৰা আদি।আনহাতে অনবদ্ধ বাদ্য বা জন্তুৰ ছালেৰে প্ৰস্তুত কৰা ঢোল,মাদল,নাগাৰা,মৃদং,ডবা,ডম্বৰু ,ঢোলক,খোল আদি।
দেখা যায় যে কৃষিজীৱি চহাসকলৰ হাততে এই লোকবাদ্য সমুহৰ সৃষ্টি হৈছিল আৰু তেওঁলোকেই সুন্দৰকৈ এই বাদ্যসমুহ পৰিৱেশন কৰিব জানে। প্ৰতিটো গীত -মাত,নৃত্যত এই বাদ্যসমুহৰ সংগতে অধিক শুৱনি কৰে। জীৱ-জন্তুৰ শিং ,কাঠ ,বাঁহ আদিৰ পৰা সাঁজি উলিওৱা লোকবাদ্যসমুহে অসমৰ থলুৱা উদ্যোগসমুহলৈ ভাল দিন আনিব। লোকবাদ্যসমুহ পৰিৱেশন আৰু সন্মান কৰিবলৈ শিকিব লাগে।সহজতে এই লোকবাদ্য সমুহ তৈয়াৰ কৰিব পাৰি ,এখন বৃহৎ বজাৰ সৃষ্টি কৰি বিশ্বই এনে লোকবাদ্য সমুহ আদৰিব বুলি আমিও আশাবাদী।পেঁপা এবিধ সুষিৰ বাদ্য। মুখেৰে ফু দি বজোৱা বাদ্যক সুষিৰ বাদ্য বুলি কোৱা হয়। ম’হৰ  শিঙৰ ৰ পৰা পেঁপা বনোৱা হয় । ম’হৰ দুটা শিঙৰ পৰাও পেঁপা বনোৱা হয় যাক কোৱা হয় ‘যুৰীয়া পেঁপা’।ম’হৰ শিঙৰ পেঁপাৰ মুল চাৰিটা অংশ থাকে।হোলা বা খোলা ,নলিচা বা গফনলা,মুখনি বা চুপহি আৰু থুৰি বা ৰিফ। বসন্ত কালত পেঁপাটো বজাবলৈ ভাল আৰু পেঁপাৰ মাতটো সুৱলাকৈ ওলায়।
আন এবিধ বাদ্য হল বাঁহী। বাঁহী শ্রীকৃষ্ণৰ একান্ত সংগী এই বাদ্য।প্ৰাচীন কালৰে পৰাই বাঁহীৰ অমিয়া সুৰে সকলোকে মোহিত কৰি আহিছে।বংশী,মুৰুলী ,বেণু আদি যি নামেৰে নামাকৰণ কৰা নহওঁক বাঁহীৰ কোমল সুৰে সকলোকে মন মোহে। কেৱল বিহুগীততে যে বাঁহী সংগত কৰা হয় এনে নহয় বৰগীত,লোকগীত,নেগেৰা,দিহানাম আদি গীততো বাঁহী বজোৱা হয়।
বিহুৰ লগত জড়িত আন এবিধ লোকবাদ্য হল ‘সুতুলি’। মাটিৰ দ্ধাৰা  প্ৰস্তুত কৰা এই সুতুলি ৰ গাৰ অংশত তিনিটা বিন্ধা আছে। মৰাণ সকলে  সুতুলি বাদ্য মাটিৰ পৰিৱৰ্ত্তে বাঁহেৰে প্ৰস্তুত কৰে। সুতুলিৰ তিনিটা ভাগ থাকে — বটল সুতুলি,পিঠা সুতুলি আৰু পক্ষী সুতুলি।
বিহুগীতত বজোৱা আন এবিধ লোকবাদ্য টকা।বাঁহেৰে নিৰ্মিত এই টকা বজাবলৈ সহজ।হাতছাপৰিৰ ছন্দক ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল ।
অসমীয়া লোকসংস্কৃতিৰ বিভিন্ন জাতি-জনজাতিৰ মাজত কিছুমান তত:বাদ্য ব্যৱহাৰ হয়। তাঁৰেৰে প্ৰস্তুত কৰা এই তত:বাদ্যসমুহ বীণ,বীণা,টোকাৰী ,একতাৰা,দোতোৰা আদি।আনহাতে অনবদ্ধ বাদ্য বা জন্তুৰ ছালেৰে প্ৰস্তুত কৰা ঢোল,মাদল,নাগাৰা,মৃদং,ডবা,ডম্বৰু ,ঢোলক,খোল আদি।
দেখা যায় যে কৃষিজীৱি চহাসকলৰ হাততে এই লোকবাদ্য সমুহৰ সৃষ্টি হৈছিল আৰু তেওঁলোকেই সুন্দৰকৈ এই বাদ্যসমুহ পৰিৱেশন কৰিব জানে। প্ৰতিটো গীত -মাত,নৃত্যত এই বাদ্যসমুহৰ সংগতে অধিক শুৱনি কৰে। জীৱ-জন্তুৰ শিং ,কাঠ ,বাঁহ আদিৰ পৰা সাঁজি উলিওৱা লোকবাদ্যসমুহে অসমৰ থলুৱা উদ্যোগসমুহলৈ ভাল দিন আনিব। লোকবাদ্যসমুহ পৰিৱেশন আৰু সন্মান কৰিবলৈ শিকিব লাগে।সহজতে এই লোকবাদ্য সমুহ তৈয়াৰ কৰিব পাৰি ,এখন বৃহৎ বজাৰ সৃষ্টি কৰি বিশ্বই এনে লোকবাদ্য সমুহ আদৰিব বুলি আমিও আশাবাদী।বৰঢোল,পাতিঢোল,চেপাঢোল আদি।
ঢোলৰ লগত বজোৱা আন এবিধ বাদ্য হৈছে তাল । বিহুত ব্যৱহাৰ হোৱা তাল এবিধ ধাতুৰে তৈয়াৰী বাদ্য।খুটিতাল,ভোৰতাল ঢোলৰ লগত বজোৱা হয়। আজিকালি পুৰুষ /মহিলা উভয়ে এই তাল বজোৱা দেখা যায়।
বিহু বুলিলেই নাচনীৰ গগনাই সমাদৰ লাভ কৰে। গগনা সহজেই বজাব পাৰি । মুখৰ দুই ওঁঠৰ মাজত ধৰি  ,বুঢ়া আঙুলিৰে গগনা বজাই মুখেৰে ফুৱাই সুৰৰ সৃষ্টি কৰা হয়। গগনা দুবিধ — ৰামধন গগনা আৰু লাহৰি  গগনা ।ৰামধন গগনা পুৰুষে বজায় আৰু লাহৰি গগনা মহিলাই বজাই খোপাত গুজি ৰাখে। নাচি থাকোতে নাচনীয়ে গগনা বজাই আকৌ খোপাত গুজি ৰাখে।তাঁতৰ ব’ তোলা চুঙাৰ পৰাও গগনা বনোৱা হয়।লোকবিশ্বাস অনুসৰি মুখ চোকা শিপিনীৰ পৰা ব’ চুঙা চুৰি কৰি গগনা সাজিলে গগনা ভালকৈ বাজে। অসমীয়া সমাজত চিৰিপাতি মঙ্গল চোৱা হয় এই গগনাৰ দ্ধাৰাই ।
  ” আগলি বাঁহৰে লাহৰি গগনা,
বহি তাঁতৰ পাটত বাওঁ ,
      আহে কি নাহে মোৰ ধন চেনাই ঐ ,
    চিৰিপাতি মঙ্গলখন চাওঁ “।
কোনো কোনোৱে গগনাৰ আকৃতি চাই গগনাৰ নাম দিয়ে এনেধৰণৰ শালিকী-ঠুঁটীয়া গগনা ,চুঙা গগনা ,বৰ গগনা আদি।
বিহু নৃত্যৰ লগত সংগতি ৰাখি বজোৱা হয় পেঁপা।পেঁপা এবিধ সুষিৰ বাদ্য। মুখেৰে ফু দি বজোৱা বাদ্যক সুষিৰ বাদ্য বুলি কোৱা হয়। ম’হৰ  শিঙৰ ৰ পৰা পেঁপা বনোৱা হয় । ম’হৰ দুটা শিঙৰ পৰাও পেঁপা বনোৱা হয় যাক কোৱা হয় ‘যুৰীয়া পেঁপা’।ম’হৰ শিঙৰ পেঁপাৰ মুল চাৰিটা অংশ থাকে।হোলা বা খোলা ,নলিচা বা গফনলা,মুখনি বা চুপহি আৰু থুৰি বা ৰিফ। বসন্ত কালত পেঁপাটো বজাবলৈ ভাল আৰু পেঁপাৰ মাতটো সুৱলাকৈ ওলায়।
আন এবিধ বাদ্য হল বাঁহী। বাঁহী শ্রীকৃষ্ণৰ একান্ত সংগী এই বাদ্য।প্ৰাচীন কালৰে পৰাই বাঁহীৰ অমিয়া সুৰে সকলোকে মোহিত কৰি আহিছে।বংশী,মুৰুলী ,বেণু আদি যি নামেৰে নামাকৰণ কৰা নহওঁক বাঁহীৰ কোমল সুৰে সকলোকে মন মোহে। কেৱল বিহুগীততে যে বাঁহী সংগত কৰা হয় এনে নহয় বৰগীত,লোকগীত,নেগেৰা,দিহানাম আদি গীততো বাঁহী বজোৱা হয়।
বিহুৰ লগত জড়িত আন এবিধ লোকবাদ্য হল ‘সুতুলি’। মাটিৰ দ্ধাৰা  প্ৰস্তুত কৰা এই সুতুলি ৰ গাৰ অংশত তিনিটা বিন্ধা আছে। মৰাণ সকলে  সুতুলি বাদ্য মাটিৰ পৰিৱৰ্ত্তে বাঁহেৰে প্ৰস্তুত কৰে। সুতুলিৰ তিনিটা ভাগ থাকে — বটল সুতুলি,পিঠা সুতুলি আৰু পক্ষী সুতুলি।
বিহুগীতত বজোৱা আন এবিধ লোকবাদ্য টকা।বাঁহেৰে নিৰ্মিত এই টকা বজাবলৈ সহজ।হাতছাপৰিৰ ছন্দক ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল ।
অসমীয়া লোকসংস্কৃতিৰ বিভিন্ন জাতি-জনজাতিৰ মাজত কিছুমান তত:বাদ্য ব্যৱহাৰ হয়। তাঁৰেৰে প্ৰস্তুত কৰা এই তত:বাদ্যসমুহ বীণ,বীণা,টোকাৰী ,একতাৰা,দোতোৰা আদি।আনহাতে অনবদ্ধ বাদ্য বা জন্তুৰ ছালেৰে প্ৰস্তুত কৰা ঢোল,মাদল,নাগাৰা,মৃদং,ডবা,ডম্বৰু ,ঢোলক,খোল আদি।
দেখা যায় যে কৃষিজীৱি চহাসকলৰ হাততে এই লোকবাদ্য সমুহৰ সৃষ্টি হৈছিল আৰু তেওঁলোকেই সুন্দৰকৈ এই বাদ্যসমুহ পৰিৱেশন কৰিব জানে। প্ৰতিটো গীত -মাত,নৃত্যত এই বাদ্যসমুহৰ সংগতে অধিক শুৱনি কৰে। জীৱ-জন্তুৰ শিং ,কাঠ ,বাঁহ আদিৰ পৰা সাঁজি উলিওৱা লোকবাদ্যসমুহে অসমৰ থলুৱা উদ্যোগসমুহলৈ ভাল দিন আনিব। লোকবাদ্যসমুহ পৰিৱেশন আৰু সন্মান কৰিবলৈ শিকিব লাগে।সহজতে এই লোকবাদ্য সমুহ তৈয়াৰ কৰিব পাৰি ,এখন বৃহৎ বজাৰ সৃষ্টি কৰি বিশ্বই এনে লোকবাদ্য সমুহ আদৰিব বুলি আমিও আশাবাদী।