অসম ভিত্তিত বিজ্ঞান-প্ৰযুক্তি বিষয়ক প্ৰাইজমানি মুকলি কুইজ

অসম ভিত্তিত বিজ্ঞান-প্ৰযুক্তি বিষয়ক প্ৰাইজমানি মুকলি কুইজ

ৰঙিলী বাৰ্ত্তাসেৱা- এ.ই.চি. ক্লাচ ৮৮ ‘ফাউণ্ডেচন (অসম অভিযান্তিক মহাবিদ্যালয়, জালুকবাৰী, গুৱাহাটীৰ পৰা ১৯৮৮ চনত উত্তীর্ণ হােৱা অভিযন্তাসকলৰ এক সংস্থা) আৰু ইনষ্টিটিউট অৱ ইঞ্জিনিয়াচ (ইণ্ডিয়া) অসম ৰাজ্যিক শাখাৰ যুটীয়া উদ্যোগত এখনি সদৌ অসম ভিত্তিত আন্তঃ আনুষ্ঠানিক প্রাইজমানি মুকলি কুইজ প্রতিযােগিতাৰ আয়ােজন কৰা হৈছে। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ ওপৰত আধাৰিত এই প্রতিযােগিতাখন ১০ এপ্ৰিলত পুৱা ১০ বজাৰ পৰা গুৱাহাটী পাণবজৰত অৱস্থিত ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰচৰ (ইণ্ডিয়া), পাণবজাৰ, গুৱাহাটীৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব।-এই মন্তব্য উক্ত সংস্হাৰ সভাপতি গৌতম ফাটোৱালীৰ৷ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত গৌতম ফাটোৱালীয়ে কয়-একাদশ শ্রেণীৰ পৰা স্নাতক মহলাত পঢ়ি থকা ছাত্র-ছাত্রীয়ে দুজনীয়া সদস্যৰ দল গঠন কৰি সম্পূর্ণ বিনামূলীয়াকৈ প্রতিযােগিতাত অংশগ্রহণ কৰিব পাৰিব। কিন্তু তেওঁলােকৰ লগত শিক্ষানুষ্ঠানৰ পৰিচয় পত্র তথা অনুমােদন পত্ৰ থকাটো বাধ্যতামূলক। এই প্রতিযােগিতাৰ প্রথম লিখিত পৰীক্ষাৰ অন্তত ৬ টা শ্রেষ্ঠ দল চূড়ান্ত পর্যায়লৈ বাছনি কৰা হ’ব। মুঠ ১ লাখ টকা অর্থ সম্বলিত এই প্রতিযােগিতাত দলসমূহৰ লগতে দর্শকৰ বাবেও বিভিন্ন আকর্ষণীয় পুৰস্কাৰ আছে। শ্রেষ্ঠ দললৈ ৩০,০০০, দ্বিতীয় শ্রেষ্ঠ দললৈ ২০,০০০ আৰু তৃতীয় দললৈ ১৫,০০০ টকাৰ পুৰষ্কাৰ দিয়া হ’ব। লগতে চতুৰ্থৰ পৰা ষষ্ঠ দলকো ৩,০০০ টকাকৈ আৰু সপ্তম স্থানৰ পৰা দশম স্থানৰ দলকো ২০০০ টকাকৈ উপহাৰ হিচাপে প্ৰদান কৰা হ’ব। আকর্ষণীয় ৰূপত উপস্থাপিত কৰিব খােজা বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ মুখ্য পৃষ্ঠপােষক হৈছে ভাৰতৰ অন্যতম নৱৰত্ন হিচাপে পৰিচিত আৰু অসমৰ অতিকৈ আপােন অইল ইণ্ডিয়া লিমিটেড, ডুলিয়াজান। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ ক্ষেত্ৰত ৰাইজক আগ্রহী কৰি তােলাৰ এই প্রচেষ্টা সফল হ’ব বুলি আমি আশাবাদী।এই প্রতিযােগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক ছাত্র-ছাত্রীয়ে মবাইল নম্বৰ ৯৪৩৫৭১৮২৯২, ৯৪৩৫১১০৫৬৩ অথবা aecclass88foundation@gmail.com ইমেইলত যােগাযােগ কৰিবলৈ অনুৰােধ জনােৱা হ’ল।সংবাদ মেলত সংস্থাৰ হৈ অৰিন্দম বৰুৱা,জয়ন্ত বৰুৱা,কুল কমল ৰয় আদি উপস্থিত থাকে৷