অসম প্ৰদেশ কংগ্ৰেছৰ ২৭ আগষ্টৰ পৰা জনসম্পৰ্কমূলক অভিযান

অসম প্ৰদেশ কংগ্ৰেছৰ ২৭ আগষ্টৰ পৰা জনসম্পৰ্কমূলক অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে , ৰাজ্যখনৰ চাহ বাগিছাৰ লগতে গাঁও বস্তি সমূহত বসবাস কৰা চাহ জনগোষ্ঠীয় জনগণৰ মনৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে অহা ২৭ আগষ্টৰ পৰা এক জনসম্পৰ্কমূলক অভিযান আৰম্ভ কৰিব। “বাগানে বস্তিয়ে কংগ্ৰেছ” শীৰ্ষক কাৰ্য্যসূচীৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই নিম্ন লিখিত ব্যক্তি সকলক লৈ এখনি ৰাজ্যিক স্তৰৰ আহবায়ক সমিতি গঠন কৰি দিয়ে।-এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ৷আজি ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদ মেলত পুনৰ ভট্টাচাৰ্যই কয়- সমিতিয়ে সকলো জিলা সভাপতি, সাংসদ, বিধায়ক, প্ৰাক্তন সাংসদ ও বিধায়কৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সৰ্বস্তৰৰ দ্বায়িত্ব ন্যস্ত বিষয়ববীয়া, ভাতৃ-ভগ্নী সংগঠন আৰু বিভাগ তথা কোষৰ ৰাজ্যিক তথা জিলাৰ বিষয়ববীয়াক জড়িত কৰি কাৰ্য্যসূচী সফল কৰি তোলাৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰে। ডুমডুমা অঞ্চলৰ পৰা আৰম্ভ হ’বলগীয়া কাৰ্য্যসূচীৰ বাবে নিন্মোলিখিত সকলৰে ৰাজ্যিক আহবায়ক সমিতিখন গঠন কৰি দিয়ে।এটোৱা মুণ্ডা, প্ৰাক্তন মন্ত্ৰী ভাস্কৰ বৰুৱা, বিধায়ক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, সাধাৰণ সম্পাদক – আহবায়ক কাৰ্য্যসূচীৰ কিয়দাংশ তলত দিয়া ধৰণে ৰূপায়ণ হব –তিনিচুকীয়া জিলা – ২৭ -৮ – ২০২৩ তাৰিখে ডুমডুমা সমষ্টিৰ ৰূপাই চাহ বাগিচা,২৮ -৮ – ২০২৩ তাৰিখে মাৰ্ঘেৰিটা সমষ্টিৰ পানেৰী চাহ বাগিচা/ দিবক চাহ বাগিচা,২৯ -৮ – ২০২৩ তাৰিখে ডিগবৈ সমষ্টিৰ বগাপানী চাহ বাগিচা,৩০ -৮ – ২০২৩ তাৰিখে তিনিচুকীয়া সমষ্টিৰ দেওঁহাল চাহ বাগিচা / টেঙাপানী চাহ বাগিচা,ডিব্ৰুগড় জিলা – ৩১ – ৮ – ২০২৩ তাৰিখে চাবুৱা সমষ্টিৰ পানীতোলা চাহ বাগিচা,০১ -৯ – ২০২৩ তাৰিখে লাহোৱাল সমষ্টিৰ গণেশবাৰী চাহ বাগিচা,০২ -৯ – ২০২৩ তাৰিখে ডুলীয়াজান সমষ্টিৰ ৰজাআলি চাহ বাগিচা,০৩ -৯ – ২০২৩ তাৰিখে নাহৰকতীয়া সমষ্টিৰ আচাবাম চাহ বাগিচা,০৪ -৯ – ২০২৩ তাৰিখে টিংখং সমষ্টিৰ টিংখাং চাহ বাগিচা / সৰোজনী চাহ বাগিচা,০৫ -৯ – ২০২৩ তাৰিখে মৰাণ সমষ্টিৰ খোৱাং চাহ বাগিচা,চৰাইদেউ জিলা ০৬ -৯ – ২০২৩ তাৰিখে মাহমৰা সমষ্টিৰ হিংৰীজান চাহ বাগিচা,০৭ -৯ – ২০২৩ তাৰিখে সোণাৰী সমষ্টিৰ নাফুক চাহ বাগিচা,শিৱসাগৰ জিলা০৮ -৯ – ২০২৩ তাৰিখে থাওৰা সমষ্টিৰ আঠাবাৰী/খঙীয়া চাহ বাগিচা,০৯ -৯ – ২০২৩ তাৰিখে নাজিৰা সমষ্টিৰ মেকিপুৰ চাহ বাগিচা,যোৰহাট জিলা ১০ -৯ – ২০২৩ তাৰিখে মৰিয়নি সমষ্টিৰ কঠালগুৰি চাহ বাগিচা,১১ -৯ – ২০২৩ তাৰিখে তিতাবৰ সমষ্টিৰ বোকাহোলা/গটঙা চাহ বাগিচা৷