অসম নাট্য সন্মিলনৰ উজানবজাৰ শাখাৰ সভাপতি পদত কৈলাশ শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- আন্তৰ্জাতিক খ্যাতিসম্পন্ন খেলুৱৈ, ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী-সংগঠক, ভাৰত চৰকাৰৰ দ্বাৰা আজাদী কি অমৃত মহোৎসৱৰ সমাজ সেৱা বঁটাপ্ৰাপক, বিশ্বৰ প্ৰথমখন নগৰীয়া মঞ্চ বিহু লতাশিলৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ প্ৰাক্তন সভাপতি- সাধাৰণ সম্পাদক, ঐতিহাসিক কামৰূপ নাট্য সমিতিৰ সদস্য কৈলাশ শৰ্মাক ২০২৫ চনৰ নৱবৰ্ষৰ প্ৰথম দিনটোতে অসমৰ এটা অন্যতম জাতীয় সংগঠন অসম নাট্য সন্মিলনৰ উজানবজাৰ শাখাৰ সভাপতি পদত নাট্য সন্মিলনৰ হৈ উপসভাপতি তথা ৰাষ্ট্ৰপতিৰ দ্বাৰা অসমীয়া বোলছবিৰ বাবে বটাঁ প্ৰাপক, বিশিষ্ট বোলছবি পৰিচালক শিল্পী অৰূপ বৰঠাকুৰে শ্ৰী শ্ৰীঁউগ্ৰতাৰা উগ্ৰতাৰা দেৱালয় প্ৰাঙ্গণত ১ জানুৱাৰী তাৰিখে হোৱা এক কাৰ্যসূচীত আনুষ্ঠানিক ভাৱে নিযুক্তি দিয়াৰ লগতে এখন ফুলাম গামোচাৰে নাট্য সন্মিলনৰ হৈ কাম কৰি যোৱাৰ বাবে আদৰনী জনায়।