অসম জাতীয় পৰিষদৰ ডিফুত ৰাজনৈতিক সভা

অসম জাতীয় পৰিষদৰ ডিফুত ৰাজনৈতিক সভা

ৰঙিলী বাৰ্ত্তাসেৱা– অসম জাতীয় পৰিষদ আৰু All Party Hills Leaders Conference (APHLC)ৰ যৌথ সভাখন ডিফুৰ হেম্পি হোটেলত এখন ৰাজনৈতিক সভা অনুষ্ঠিত হয়৷সভাত এজেপিৰ সভাপতি লুৰীণ জ্যোতি গগৈ,সম্পাদক জগদীশ ভূঞা,উপ-সভাপতি দুলু আহমেদ আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে৷সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ- সভাই সৰ্বসন্মতিক্ৰমে মত প্ৰকাশ কৰে যে মূলতঃ চৰকাৰৰ ষড়যন্ত্ৰমূলক কেন্দ্ৰীভূত নীতিৰ বাবে অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি আৰু অস্তিত্ব বিপন্ন হৈ পৰিছে৷ এনে প্ৰেক্ষাপটত ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত ঐক্যবদ্ধ উদাৰ জাতীয় চেতনাক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি অসম জাতীয় পৰিষদ আৰু All Party Hill Leaders Conference (APHLC) দলে অসমৰ মাটিত আঞ্চলিকতাবাদী জাতীয় ৰাজনৈতিক ধাৰাক ঐক্যবদ্ধতাৰে শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ দ্বিতীয় প্ৰস্তাৱ: এই সভাই কাৰ্বি আংলং জিলাত কাৰ্বি জনসাধাৰণৰ জনসংখ্যা, ৰাজনৈতিক অধিকাৰ আৰু মৰ্যাদা দিনে দিনে হ্ৰাস পাই অহা বিষয়টোত গভীৰ উগ্বিগ্নতা ব্যক্ত কৰে৷ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে কাৰ্বি আংলং জিলাৰ প্ৰতি ইঞ্চি মাটিত কাৰ্বি জনসাধাৰণৰ অধিকাৰ নিশ্চিত হ’ব লাগিব৷ লগতে জিলাখনত বসবাস কৰা অন্য খিলঞ্জীয়া জনগোষ্ঠীসূহৰ অধিকাৰ আৰু মৰ্যাদাও সুৰক্ষিত হ’ব লাগিব৷ কাৰ্বি জনসাধাৰণৰ ভাগ্য আৰু ভৱিষ্যত যাতে বহিৰাগত বা অনুপ্ৰৱেশকাৰীয়ে নিৰ্ণয় কৰিব নোৱাৰে, তাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে বুলি আজিৰ সভাই মত ব্যক্ত কৰে৷ তৃতীয় প্ৰস্তাৱ: এই সভাই চৰমপন্থী সংগঠন বংগসেনাৰ উত্থান আৰু তাৰ প্ৰতি শাসক দল তথা চৰকাৰৰ নিৰ্বিকাৰ আৰু অনুম্পামূলক ভূমিকাত গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ সভাই বংগ সেনাই কাৰ্বি আংলঙত বহিৰাগত আগ্ৰাসন আৰু অনুপ্ৰৱেশক উদগণি যোগোৱাৰ লগতে কাৰ্বি আংলঙৰ মাটিত কাৰ্বি জনগণৰ লগতে অন্যান্য খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা আৰু ভাৰতৰ সংবিধান বিৰোধী কাম-কাজ চলাই থকালৈ চাই বংগ সেনাক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰে৷ চতুৰ্থ প্ৰস্তাৱ: এই সভাই কাৰ্বি আংলং জিলাৰ সকলো চৰকাৰী চাকৰিত কাৰ্বি আৰু অন্যান্য স্থানীয় খিলঞ্জীয়া লোকৰ নিযুক্তিত অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে বুলি মত প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত অসম চুক্তিৰ ৬নং দফা ৰূপায়ন উচ্চ ক্ষমতাসম্পন্ন সমিতি (বিপ্লৱ শৰ্মা কমিটী)ৰ পৰামৰ্শাৱলীৰ নীতি মানিব লাগে বুলি আজিৰ সভাই মত প্ৰকাশ কৰে৷ পঞ্চম প্ৰস্তাৱ: এই সভাই কাৰ্বি আংলং জিলাত হৈ থকা ব্যাপক দুৰ্নীতি-অনিয়ম দিছপুৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সংঘটিত হৈ থকা বুলি মত প্ৰকাশ কৰে আৰু উক্ত দুৰ্নীতি-অনিয়ম তৎকালে বন্ধ কৰিবলৈ দাবী জনায়৷ আজিৰ সভাই কাৰ্বি আংলং জিলাৰ দুৰ্নীতি-অনিয়ম তথা ৰাজ্যখনলৈ আৱন্টিত ধন তথা সেয়া ব্যয়ৰ ন্যায়িক তদন্ত ঘোষণা কৰাৰ দাবীৰে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ দুয়োটা দলে যৌথ স্মাৰকপত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷