অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ দ্বিতীয় দিনা কোকৰাঝাৰ চহৰত জনসমুদ্ৰৰ সৃষ্টি

অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ দ্বিতীয় দিনা কোকৰাঝাৰ চহৰত জনসমুদ্ৰৰ সৃষ্টি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ দ্বিতীয় দিনা৷দেওবাৰে চহৰখনৰ মাগুৰমাৰি ফিল্ডৰ পৰা আৰম্ভ হোৱা পদযাত্ৰাই কোকৰাঝাৰ চহৰ পৰিক্ৰমা কৰি অসম সাহিত্য সভা ভৱন চৌহদত উপস্থিত হয়৷সাহিত্য সভা ভৱন সংলগ্ন ৰাস ফিল্ডত সমবেত দলীয় কৰ্মী-সমৰ্থকৰ সৈতে কিছুসময় মত বিনিময় কৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ তেওঁ উল্লাসিত কৰ্মীসকলৰ সৈতে বিহু আৰু বড়ো তথা আদিবাসী নৃত্যও কৰে৷তাৰ পূৰ্বে পুৱা দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা প্ৰমুখ্যে নেতাসকলে কোকৰাঝাৰ জিলাৰ দোতমাত উপস্থিত হৈ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিকৃতিত মাল্যাৰ্পনেৰে বড়ো জাতিৰ পিতৃগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ অলপ সময়ৰ পাছতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছত জাতীয় পৰিষদৰ পদযাত্ৰাকাৰীসকলে চিৰাং জিলাৰ বিজনী অভিমুখে যাত্ৰা কৰিব৷ বিজনীৰ পৰা বৰপেটা অভিমুখে যাত্ৰা আৰম্ভ হ’ব৷