অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ(কামৰূপ মহানগৰ জিলা কমিটী)ৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী শিলপুখুৰীৰ অট’ স্থানৰ সমীপত অৰুণাচলী মাটি বেদখলকাৰী দুৰ্বৃত্তই ৫ জুনত ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৰ পানবাৰীত দুজনকৈ অসমীয়া লোকক হত্যা কৰা আৰু কেইবাজনো লোকক আঘাতপ্ৰাপ্ত কৰা ঘটনাৰ প্ৰতিবাদত তথা চুবুৰীয়া ৰাজ্যসমুহৰ সৈতে অসমৰ সীমা সমস্যা স্থায়ী সমাধানৰ দাবীত আৰু সীমান্ত বিবাদৰ এক আশু সমাধানৰ লগতে যথাশীঘ্ৰে এই সমস্যাৰ বাবে চৰকাৰে পদক্ষেপ লোৱাৰ বিষয়ে দাবী জনাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ(কামৰূপ মহানগৰ জিলা কমিটীয়ে)৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে৷এই কাৰ্য্যসূচীত নেতৃত্ব দিয়ে— সঞ্জীৱ ৰায় চৌধুৰী(সভাপতি),সুকুমাৰ বৰ্মন(সাধাৰণ সম্পাদক) এ,জে,ৱাই,চি,পি ৰ কামৰূপ মহানগৰ জিলা কমিটী। জাতীয় মহিলা পৰিষদৰ ৰাজ্যিক সভানেত্ৰী বিনা বৰুৱা কলিতা আৰু এ,জে,ৱাই,চি,পি ৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই সহ প্ৰায় ৫০ জন মান সদস্য-সদস্যা ই উক্ত কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে৷আনহাতে,দিনৰ প্ৰায় ১-২৩ বজাত অসমৰ মুখ্যমন্ত্ৰীলৈ উদ্দেশ্যি তেওঁলোকৰ দাবী সম্বলিত বিষয়ৰ ওপৰত এক শ্মাৰক পত্ৰ ACP(Central)ৰ যোগেদি প্ৰদান কৰি কাৰ্য্যসূচী দিনৰ প্ৰায় ১-৩০ মান বজাত সমাপ্ত কৰে।