অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ বিভাগৰ উদ্যোগত নামনি মাজুলীত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন ; সজাগতা সভাত বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰিলে অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াই
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ- অসমৰ উদ্যোগত আজি নামনি মাজুলীত জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ বাবে এক বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু এখন বৃহৎ সজাগতা সভা অনুষ্ঠিত হয়।
নামনি মাজুলীৰ গোৱালগাঁও তৰুণ নাট্য সমাজৰ প্ৰেক্ষাগৃহত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদে আয়োজন কৰা উক্ত মেগা চিকিৎসা শিবিৰত চাৰি শতাধিক জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। মাজুলী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু নামনি মাজুলী শাখাৰ সহযোগত আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা উক্ত বিনামূলীয়া চিকিৎসা শিবিৰৰ ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াই।
তাৰপিছত গোৱালগাঁও তৰুণ নাট্য সমাজৰ প্ৰেক্ষাগৃহত আৰম্ভ হয় বৃহৎ চিকিৎসা শিবিৰ। মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চাৰি শতাধিক জ্যেষ্ঠ নাগৰিকে উক্ত চিকিৎসা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰে । উক্ত চিকিৎসা শিবিৰত গুৱাহাটীৰ জ্যেষ্ঠ চিকিৎসক ডা০ বিপুল কান্ত বৰুৱা, মাজুলীৰ চিকিৎসা বিষয়া ডা০ উদয়ন বৰদলৈ, ডা০ বিমল পেগু, মাজুলীৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ডা০ শিবানী গগৈ, ডা০ মণজিত শইকীয়া,ডা০ ধ্ৰুৱজ্যোতি বৰা, ডা০ কৈলাস বৰপাত্ৰ, ডা০ বিকি দলে, সামূহিক চিকিৎসা বিষয়া ফনীকান্ত ভূঞা, গম্ভীৰ পেগুৰ লগতে স্বাস্থ্য কৰ্মীৰ এটা বৃহৎ দলে অংশগ্ৰহণ কৰে।
উক্ত , চিকিৎসা শিবিৰৰ পাছত দুপৰীয়া বাৰ বজাৰ পৰা এখন বৃহৎ স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। মাজুলী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ হৈ হৰেন্দ্ৰ নাথ বৰুৱাই আঁত ধৰা সভাখনত বন্তি প্ৰজ্বলন কৰে মাজুলী বৰ এলেঙী সত্ৰৰ ডেকা সত্ৰীয়া চন্দন গোস্বামীয়ে। নামনি মাজুলীৰ বিশিষ্ট নাগৰিক তথা লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বুদ্ধিন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সজাগতা অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ থীম ছং পৰিৱেশন কৰে নামনি মাজুলীৰ মহিলা শিল্পীসকলে। বিশিষ্ট অনাতাঁৰ শিল্পী বুলবুল বৰুৱাই পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভ হোৱা সজাগতা সভাত আদৰণী ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি তথা খাৰজানপাৰ জনজাতি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ললিত চন্দ্ৰ হাজৰিকাই।
উক্ত, সজাগতা সভাত মুখ্য অতিথিৰ ভাষন প্ৰদান কৰে জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ , অসমৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াই। নিজৰ ভাষনত তেওঁ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ইতিহাস ব্যাখ্যা কৰে। ২০১৬ চনৰ পৰা কাৰ্যকৰী হোৱা জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ কৰ্মসূচীসমূহ ঘোষণা কৰি জ্যেষ্ঠ নাগৰিক সকলক মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ আহ্বান জনায়। জ্যেষ্ঠ নাগৰিক সকলক পাঁচ লাখ টকাৰ আয়ুস্মান আৰোগ্য কাৰ্ড প্ৰদান কৰা বাবে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জনায়। যি কোনো ধৰণৰ চৰকাৰী চিকিৎসালয়ত ৭০ বছৰ উৰ্দ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকে উক্ত চিকিৎসা সাহায্য পাব বুলি উল্লেখ কৰে আৰু PM JAY Beneficiary Portal ” ত অহা জানুৱাৰী মাহত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়।
উক্ত, সজাগতা সভাত সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মাজুলীৰ জ্যেষ্ঠ নাগৰিক ভোলাৰাম ভূঞা, খগেন ভূঞা, নিৰু দত্ত, ভোলানাথ দাস হাজৰিকা আৰু মণিৰাম পাটিৰক অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন বৰঠাকুৰ, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সদস্য ডা০ বিপুল কান্ত বৰুৱা,সদস্যা ৰেখা শৰ্মা বৰুৱা, শাখা বিষয়া মুদাচ্ছাৰ নাজাৰ হুচেইন উপস্থিত থাকি ভাষন প্ৰদান কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উপাধ্যক্ষ অশোক বৰঠাকুৰে । বিশিষ্ট শিল্পী ইন্দিৰাম নাথে এটা গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উক্ত, অনুষ্ঠানটো সফল ভাৱে সমাপন হোৱাত নামনি মাজুলী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ভৱানন্দ বৰা আৰু সম্পাদক দেবেন বৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।