অসম চৰকাৰে দাহ কৰে প্ৰায় ২,৫০০ টা গঁড়ৰ খড়্গ

pc Hindustan Times

অসম চৰকাৰে দাহ কৰে প্ৰায় ২,৫০০ টা গঁড়ৰ খড়্গ 

বিশ্ব গঁড় দিৱস উপলক্ষে, অসম চৰকাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব উপস্থিতি তথা আনুষ্ঠানিক তদাৰকত বোকাখাতত ৰাজহুৱাভাৱে দাহন কৰা হ’ল ২,৪৭৯টা গঁড়ৰ খড়্গ। কোনো দুৰ্ঘটনাত বা প্ৰাকৃতিকভাৱে আৰু চোৰাং চিকাৰীৰ পৰা জব্দ কৰি ৰাজ্যৰ কোষাগাৰত জমা কৰি ৰখা ২,৬২৩টা খড়্গৰ ভিতৰত এই ২,৪৭৯টা আনুষ্ঠানিকভাৱে বিনষ্ট কৰে। ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যোৱা ১৬ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকখনত। সেইমৰ্মে আজি বোকাখাত ৰাজহুৱা খেলপথাৰত বিশেষভাৱে নিৰ্মিত ছটাকৈ গেছচালিত চৌকাত বৈদিক মন্ত্রোচ্চাৰণৰ মাজত চন্দন কাঠ-ঘি আদিৰে এই খড়্গসমূহ দাহন কৰা হয়। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্থাপন কৰিবলগীয়া এটা সংগ্ৰহালয় আকাৰ আৰু অৱয়ৱৰ ওপৰত ভিত্তি কৰি ৯৪টা গঁড়ৰ খড়্গ প্ৰদৰ্শনৰ বাবে সংৰক্ষণ কৰা হ’ব। সেইদৰে আদালতত বিচাৰাধীন গোচৰৰ পৰিপ্ৰেক্ষিতত আন ২৯টা খড়্গ ৰখা হ’ব সুকীয়াকৈ। ‘বিশ্ব গঁড় দিৱস’ৰ লগত সংগতি ৰাখি আয়োজিত খড়্গ দাহনৰ পূৰ্বে এক বৈদিক অনুষ্ঠানো সম্পন্ন কৰা হয়। উল্লেখ্য যে আধুনিক প্রযুক্তিসম্পন্ন ৰিফ্লেক্টৰৰ সহায়ত সূৰ্যৰ ৰশ্মিৰে খড়্গসমূহ দাহন কৰা ছটাকৈ চৌকাত উত্তাপ বৃদ্ধি কৰিবৰ বাবে ১২খন ড্ৰ’ন ব্যৱহাৰ কৰা হৈছিল। ইয়াৰে এখন ড্ৰ’নৰ সহায়ত চৌকাকেইটা আকাশৰ পৰাই জ্বলোৱা হয় ৷ অৱশ্যে ইয়াৰ মাজতে উচ্চ প্রযুক্তিসম্পন্ন এখন ড্র’ন জুইত জাহ যায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ঔষধি উদ্দেশ্যৰ বাবে গঁড়ৰ শিং ব্যৱহাৰ কৰাটো হ’ল এটা লোকবিশ্বাস। তেওঁ লগতে উল্লেখ কৰে, “এক শিঙৰ গঁড় কেৱল আমাৰ সভ্যতাৰ বাবেই অবিচ্ছেদ্য নহয়, আমাৰ মূল্যৱান ঐতিহ্য আৰু পৰিচয়ৰ প্ৰতীক।” অনুষ্ঠানত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্য চৰকাৰে বন্যপ্ৰাণীৰ চোৰাং চিকাৰৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি চোৰাং চিকাৰীক কঠোৰভাৱে সকীয়নি দিয়ে। তেওঁ কয় যে কোনো চোৰাং চিকাৰী সাৰি যাব নোৱাৰিব। এতিয়াৰে পৰা অসমত বন্যজন্ত হত্যাৰ চেষ্টা কৰাৰ পূৰ্বে চোৰাং চিকাৰীসকলে দুবাৰ ভাবিব লাগিব। ৰাজ্য চৰকাৰে এনে ধৰণৰ কাৰ্যকলাপক প্রশ্রয় নিদিয়ে ।

(UD.)