অসম চাহ শ্রমিক কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ কনিষ্ঠ সহায়ক পদৰ প্ৰাৰ্থীক নিযুক্তি পত্র প্রদান 

pc The Janambhumi

অসম চাহ শ্রমিক কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ কনিষ্ঠ সহায়ক পদৰ প্ৰাৰ্থীক নিযুক্তি পত্র প্রদান 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা আজি অসম চাহ শ্রমিক কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ ২৫ গৰাকী নৱ নির্বাচিত কনিষ্ঠ সহায়ক পদৰ প্রার্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান কৰা হয়গুৱাহাটীৰ লালমাটিস্থিত নিধি ভৱনত অনুষ্ঠিত নিযুক্তি পত্র প্রদান অনুষ্ঠানত অসম চৰকাৰৰ চাহ-জনজাতি আৰু শ্রম কল্যাণ মন্ত্রী তথা অসম চাহ শ্রমিক কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ ন্যাসৰক্ষক মণ্ডলীৰ সভাপতি সঞ্জয় কিষাণে মুখ্য অতিথিৰূপে অংশগ্রহণ কৰে। ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে কয় যে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশ মর্মে অসম চাহ শ্রমিক কর্মচাৰী ভৱিষ্যনিধি সংগঠনটোক অধিক সক্রিয় আৰু গতিশীল কৰাৰ উদ্দেশ্যেৰে নতুনকৈ বহু সংখ্যক পদক্ষেপ হাতত লােৱা হৈছে। তাৰে ভিতৰত উল্লেখযােগ্য যে, অসমৰ অৰ্থনীতিত ব্যাপক সঁহাৰি জনােৱা অসমৰ চাহ শিল্পৰ সৈতে জড়িত প্ৰতিগৰাকী চাহ শ্ৰমিকৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ গ্রেচুইটীৰ দায়িত্ব মালিকপক্ষৰ বিপৰীতে এই ভৱিষ্যনিধি সংগঠনৰ অধীনলৈ অনা হৈছে। ইয়াৰ বাবে প্রয়ােজনীয় সাসুবিধাৰ লগতে আধুনিক কর্মব্যৱস্থা আৰু তথ্য-প্রযুক্তিৰ সৈতে খাপখােৱাকৈ সেৱা আগবঢ়াবলৈ নতুনকৈ ২৫ গৰাকী কৰ্মচাৰীৰ নিযুক্তি দিয়া হৈছে। শ্রম কল্যাণ মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে অসমত ১০০০ৰৰাে অধিক চাহ বাগিছাত দহ লাখতকৈ অধিক স্থায়ী আৰু অস্থায়ী শ্রমিকে নিজৰ কপালৰ ঘাম মাটিত পেলাই অসমৰ চাহ শিল্পক বিশ্বদৰবাৰত প্রতিষ্ঠা কৰি আহিছে। সেইবাবে এই সকল শ্রমিকৰ প্রাপ্য অধিকাৰ সাব্যস্ত কৰি ভৱিষ্যত সুনিশ্চিত কৰাটো অসম চাহ শ্রমিক কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ প্রধান দায়িত্ব। এই ক্ষেত্ৰত নতুনকৈ নিযুক্তিপ্রাপ্ত কর্মচাৰীসকলে নিজ নিজ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি কেৱল চাকৰি বুলিয়েইনহয়, এক সামাজিক দায়বদ্ধতা হিচাপে নিজ কর্ম সম্পাদন কৰিবলৈ আহ্বাজনায়। 

অনুষ্ঠানত অসম চাহ শ্রমিক কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ সঞ্চালক তথা আয়ুক্ত সুৰজিৎ দাসে আদৰণি ভাষণ প্রদান কৰি কয় যে, চাহ-জনজাতিৰ কল্যাণ তথা তেওঁলােকৰ প্ৰতি থকা দায়িত্ব পালনৰ জৰিয়তে সামাজিক দায়বদ্ধতা পালন কৰিবলৈ সুযােগ লাভ কৰাটো সৌভাগ্যৰ কথা৷ তেখেতে প্ৰতিগৰাকী নিযুক্তিপ্রাপ্ত প্রার্থীক বিভাগলৈ আদৰণি জনােৱাৰ লগতে সম্পূর্ণ নিষ্ঠা আৰু সততাৰে নিজ দায়িত্ব পালন কৰিবলৈ অনুৰােধ জনায়। 

অনুষ্ঠাত অসম চৰকাৰৰ শ্ৰম বৰ্ডৰ সদস্য পংকজ কুমাৰ পাঠকৰ লগতে অসম চাহ শ্রমিক। কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ বিষয়া কৰ্মচাৰীসকলাে উপস্থিত থাকে।