অসম গ্ৰন্থমেলাত বঁটা-বিতৰণী- সাংস্কৃতিক অনুষ্ঠান

অসম গ্ৰন্থমেলাত বঁটা-বিতৰণী- সাংস্কৃতিক অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  শিশুৰ দিন উপলক্ষে গ্ৰন্থমেলাত তিনিটা শাখাত অনুষ্ঠিত হয় চিৰঞ্জীৱ দত্ত সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা ৷ একেদৰে অনুষ্ঠিত কৰা হয় আকষ্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা ৷ সাধু কোৱা প্ৰতিযোগিতাত “ক” শাখাত অভিৰূপ আকাশ শাণ্ডিল্য , স্নেহাশ্ৰী গোস্বামীয়ে যুটীয়াভাৱে প্ৰথম, ভাস্বতী শাণ্ডিল্য , শিপা ভৰদ্বাজে যুটীয়ভাৱে দ্বিতীয়, দিশিতা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু ৰাগিনী কাশ্যপ, অক্ষীকা কাশ্যপে উদগনি বঁটা লাভ কৰিছে ৷“খ” শাখাত বাব্‌লী সূত্ৰধাৰ , স্বাতী মেধিয়ে যুটীয়াভাৱে প্ৰথম, যুগান্তৰ কৈৱৰ্ত্তই দ্বিতীয়, আদ্ৰিকা বৰঠাকুৰ, জিৰাস্মৃতা নথে যুটীয়াভাৱে তৃতীয় স্থান আৰু পাল্কী বেজবৰুৱা, প্ৰশস্তি মজুমদাৰ, প্ৰিয়াস্মিতা ৰয়ে উদগনি বঁটা লাভ কৰিছে ৷ আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত “ক” শাখাত হিমজ্যোতি কুমাৰে প্ৰথম, স্নেহশ্ৰী গোস্বামীয়ে দ্বিতীয়, জ্যোতিষ্মান দাসে তৃতীয় স্থান আৰু মৃগনাভ কলিতা, সৃষ্টি কলিতা, পূৱাঞ্চী দাসে উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত বাব্‌লী সূত্ৰধৰে প্ৰথম , জিৰাস্মৃতা নাথে দ্বিতীয়, তুষা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু মনস্তুুতি বৰা, প্ৰজ্বলিতা বড়া , স্বাতী মেধিয়ে উদগনি বঁটা লাভ কৰিছে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাত “ক” শাখাত পূবাঞ্চী দাসে প্ৰথম, হিমজ্যোতি কুমাৰে দ্বিতীয়, শিপা ভৰদ্বাজে তৃতীয় আৰু দ্বিশিতা ভৰদ্বাজ, অভিনন্দা কলিতাই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শখাত ৰাঘৱী দত্তই প্ৰথম , ৰিমঝিম হাজৰিকাই দ্বিতীয়, অনুশিখা ডেকাই তৃতীয় আৰু তুষা ভট্টাচাৰ্য , নাছৰিণ আহমেদ, প্ৰজ্বলিতা বড়াই উদগনি বঁটা লাভ কৰিছে ৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত তৃষা দেৱীয়ে প্ৰথম , ৰিয়াংশী বেজবৰুৱাই দ্বিতীয়, জিজ্ঞাসা গৌতমে তৃতীয় স্থান আৰু দোক্‌মোকালি গোস্বামী, তুহিন তালুকদাৰ, অভিশ্ৰুতি তালুকদাৰ, অংশুমাল দেউৰী, বিপাশা মহন্তই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত দিশাংক চক্ৰৱৰ্তীয়ে প্ৰথম, বনশ্ৰী ডেকাই দ্বিতীয়, খ্যাতি কলিতাই তৃতীয় স্থান আৰু অনুৰাগ শৰ্মা, ঋতুৰাজ দেৱশৰ্মা, কৃশানুজ্যোতি কাশ্যপ, এনী কাশ্যপ, উপাসনা মহন্তই উদগনি বঁটা লাভ কৰিছে ৷ “গ” শাখাত নিশিতা বেজবৰুৱাই প্ৰথম, পাৰ্ল দত্তই দ্বিতীয়, শোভাংগী স্নেহা কাশ্যপে তৃতীয় স্থান আৰু দীপম পাটোৱাৰী, বংকিম পাঠক, লিজা ৰহমানে উদগনি বঁটা লাভ কৰিছে ৷ সাংস্কৃতিক প্ৰতিযোগিতাত মহাবিদ্যালয়-বিশ্ববিদ্যালয় শাখাত প্ৰথম স্থান লাভ কৰিছে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে , দ্বিতীয় স্থান লাভ কৰিছে কটন বিশ্ববিদ্যালয়ে , তৃতীয় স্থান লাভ কৰিছে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে , চতুৰ্থ স্থান লাভ কৰিছে বাক্‌সাৰ জালাহস্থিত ডাঃ অনন্ত একাডেমীয়ে ৷ আনহাতে বিদ্যালয় শাখাত প্ৰথম স্থান বৰ্ষাপাৰাস্থিত ছাউথ পইন্ট স্কুলে , দ্বিতীয় স্থান কাহিলীপাৰাস্থিত নৰ্থ-ইষ্ট পাব্লিক স্কুলে, তৃতীয় স্থান গীতানগৰস্থিত গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে আৰু চতুৰ্থ স্থান যুটীয়াকৈ লাভ কৰিছে শিলপুখুৰীৰিস্থিত মহৰ্ষি বিদ্যা মন্দিৰ ,অম্বিকাগিৰীনগৰস্থিত শংকাদেৱ শিশুকুঞ্জই ৷ প্ৰতিযোগিতাৰ ফলাফল অনুসৰি আজি গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ আজি দ্বাদশ অৰ্থাৎ অন্তিম দিনালৈ ৫কোটি ৫৩ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷ মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷ অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে ৷
নতুন গ্ৰন্থ সম্ভাৰ# বহুল চৰ্চিত “মুখ্যমন্ত্ৰীৰ ডায়েৰী-১”
এইবেলি অসম প্ৰকাশন পৰিষদে ৩৮খন নতুন গ্ৰন্থ প্ৰকাশৰ লগতে ৫২খন আপুৰুগীয়া গ্ৰন্থ পুনৰ মুদ্ৰণ কৰিছে ৷ মুঠতে ৯০খন গুৰত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰিছে পৰিষদে৷ এই ন-পুৰণি গ্ৰন্থসমূহ পঢ়ুৱৈ সমাজে আদৰি লোৱা বুলি পৰিষদৰ তৰফৰ পৰা জনাইছে ৷ ইপিনে সৰস্বতী প্ৰিন্টাৰ্ছ এণ্ড প্ৰাইভেট লিমিটেডে প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ “মুখ্যমন্ত্ৰীৰ ডায়েৰী-১” পঢ়ুৱৈৰ সমাজত সমাদৃত হৈছে ৷ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰন্থখন সকলো বয়সৰ পাঠকে বিচৰা বুলি জনাইছে সৰস্বতী প্ৰিন্টাৰ্ছে ৷গ্ৰন্থমেলাত উপলব্ধ হৈছে আন আন প্ৰকাশন গোষ্ঠীৰো নতুন নতুন গ্ৰন্থ ৷ অসম বুক হাইভে প্ৰকাশ কৰি লতা মংগেশকাৰৰ জীৱনৰ আধাৰত দেৱজিৎ ভূঞাই ৰচনা কৰা “অসমী আইলৈ প্ৰণাম” গ্ৰন্থ খনৰ দ্বিতীয় সংস্কৰণ ছপা হোৱা বুলি জনাইছে ৷ অসম পাব্‌লিচিং কোম্পানীয়ে গুলজাৰৰ স্মৃতিকথাৰ নম্ৰতা দত্তই কৰা অনুবাদ “স্মৃতিৰ মানুহবোৰ” উপলব্ধ হৈছে গ্ৰন্থমেলাত ৷