অসম কৃষক পৰিষদৰ কাৰ্যনিবাহক সভা

অসম কৃষক পৰিষদৰ কাৰ্যনিবাহক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অসম কৃষক পৰিষদৰ এখন কাৰ্যনিবাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই।সভাত অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ( প্ৰশাসন ) কমলা কলিতাকে আদি কৰি প্ৰায় ৩০ গৰাকীমান কাৰ্যনিবাহক সদস্য উপস্থিত থাকে ৷ সভাত বিগত বছৰৰ প্ৰতিবেদন পাঠ কৰা হয়।অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই আগন্তুক বছৰটোত অসম কৃষক পৰিষদৰ সদস্যসকলে অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ সৈতে সুসম্পৰ্ক ৰাখি সেই জনগোষ্ঠীৰ লোকৰ সৈতে বিভিন্ন কৃষিভিত্তিক উৎসৱ পালন কৰিবলৈ আহ্বান জনায়।বৰাক উপত্যকাত অসম কৃষক পৰিষদৰ সংগঠন অধিক দৃঢ় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে। আনহাতে অসমৰ ২৮ খন জিলা সমিতি গঠন কৰা হৈছে আৰু এইবিলাক অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।অসম কৃষক পৰিষদৰ উপদেষ্টা আৰু অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক কমলা কলিতাই অসম কৃষক পৰিষদৰ সদস্যসকলে অধিক জোৰদাৰ কাৰ্যসূচী গ্ৰহণ কৰি শক্তিশালী হ’বলৈ আহ্বান জনায় ।অহা ২৮ জানুৱাৰীত,খানাপাৰাত ১০ হাজাৰ কৃষকক লৈ এক বৃহৎ সমাবেশৰ সিদ্ধান্তৰ লগতে কৃষকসকলৰ পেঞ্চন আঁচনি তথা বীমাৰ সুবিধালৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমৰ ৰাজ্যপালক এই সন্দৰ্ভত অৱগত কৰা হৈছে বুলিও জানিবলৈ দিয়ে।