অসম আৰক্ষীৰ এজন সাহসী বিষয়া

Pc The janambhumi

অসম আৰক্ষীৰ এজন সাহসী বিষয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা আৰু সাহসীকতাৰ বাবে নতুন জীৱন পালে এগৰাকী লোকে।ভৰা নৈত জাঁপ দি জীৱন্তে উদ্ধাৰ কৰিলে এগৰাকী আত্মহত্যা কৰিবলৈ লোৱা ব্যক্তিক।যোৱা ৩১ অক্টোবৰত নিজৰ জীৱনৰ নিৰাপত্তাক গুৰুত্ব নিদি কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’চি)সমৰজিৎ বসুমতাৰীয়ে লংগাই নদীত জঁপিয়াই এজন ডুবিব ধৰা ব্যক্তিক উদ্ধাৰ কৰে।আত্মহত্যা কৰিব বিচৰা লোক এজনক অতি কৌশলেৰে উদ্ধাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।আৰক্ষী বিষয়াগৰাকীৰ এনে সাহসিক কার্যক এতিয়া অঞ্চলটোৰ সকলোৱে প্ৰশংসা কৰিছে।অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙেও শলাগ লয় আৰক্ষী বিষয়াগৰাকীৰ। টুইটাৰত জি পি সিঙে সেই ঘটনাৰ ফটো আপলোড কৰি বিষয়াগৰাকীক প্ৰশংসা কৰে। তেওঁৰ এই স্বাৰ্থহীন সেৱা সমগ্ৰ অসম আৰক্ষীৰ বাবে গৌৰৱৰ নিদৰ্শন বুলি উল্লেখ কৰে জি পি সিঙে।