অসমৰ বান সাহায্যৰ বাবে ১০ লাখ দান দালাই লামাৰ

Pc Time8

অসমৰ বান সাহায্যৰ বাবে ১০ লাখ দান দালাই লামাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বানপানীৰ ফলত অসমৰ লোকসকলৰ হোৱা কষ্টৰ বাবে শোক প্ৰকাশ কৰি দালাই লামাই ১০ লাখ টকা বান সাহায্য হিচাপে দান কৰে।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখা এখন পত্ৰত তেওঁ কয়, “ৰাজ্যখনত হোৱা অভূতপূৰ্ব বৰষুণ আৰু বানপানীৰ ফলত প্ৰাণ আৰু সম্পত্তিৰ ব্যাপক ক্ষতি হৈছে, আৰু যোৱা সপ্তাহত লাখ লাখ লোকস্থানচ্যুত হোৱাটো এক দুৰ্যোগ।” এইটো আটাইতকৈ দুৰ্ভাগ্যজনক যে অসম আৰু দেশৰ অন্যান্য প্ৰান্তত বাৰিষাৰ বৰষুণে বছৰে বছৰে বিধ্বংসী ৰূপ ধাৰণ কৰে, তেওঁ লগতে কয়।”অসমৰ জনসাধাৰণৰ সৈতে মোৰ সংহতিৰ চিহ্ন স্বৰূপে, মই সেই প্ৰচেষ্টাসমূহক সমৰ্থন কৰিবলৈ দালাই লামাৰ গাডেন ফড্ৰাং ট্ৰাষ্টৰ পৰা ১০,০০,০০০ টকা (এক নিযুত টকা) দান কৰিছো”তেওঁ কয়