অসমৰ বানপানী সমস্যা বিজ্ঞানসন্মত সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগৰ দাবী মুছলিম ছাত্ৰ সন্থা অসমৰ

pc facebook

অসমৰ বানপানী সমস্যা বিজ্ঞানসন্মত সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগৰ দাবী মুছলিম ছাত্ৰ সন্থা অসমৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বানপানী সমস্যা বিজ্ঞানসন্মত সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগৰ দাবী জনাইছে মুছলিম ছাত্ৰ সন্থা অসমে৷ এক প্ৰেছ বিবৃতি যোগে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি জালাল উদ্দিনে কয়- দেশৰ ভিতৰতে অন্যতম বানাক্ৰান্ত ৰাজ্য হৈছে অসম। উজনিৰ পৰা নামনি লৈকে অধিকাংশ অঞ্চল প্রতি বছৰে বানপানীৰ কৱলত পৰে। যাৰ ফলত অগণন মানুহৰ মৃত্যু, হাজাৰ হাজাৰ বিঘা মাটি, হাজাৰ-হাজাৰ ঘৰ-বাৰী, ৰাস্তা-ঘাট, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিশেষকৈ কৃষক সকলৰ লাখ লাখ বিঘা কৃষিভূমিৰ যথেষ্ঠ ক্ষতি সাধন হয়।আনহাতে নৈ-পৰীয়া দৰিদ্ৰ লোকৰ জীৱন-জীৱিকালৈ ধাৰাবাহিক ভাবুকিৰ সৃষ্টি কৰি আহিছে অসমৰ আৱবৰীয় প্ৰলয়ংকাৰী বানপানীয়ে। অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে৷ অসমৰ বিভিন্ন নদীৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা আৰু গৰাখহনীয়াত ক্ষতিগ্রস্ত পৰিয়ালৰ পুনৰসংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হাফলংৰ প্ৰাকৃতিক দুর্যোগত মৃত্যু-আঘাত প্রাপ্ত হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণৰ দিয়াৰ লগতে এই দুৰ্যোগৰ উচ্চ পর্যায়ৰ তদন্ত কৰিব লাগে। ৰাজ্যখনৰ প্ৰতিটো মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা আৰু এই ক্ষেত্ৰত নামনি অসমৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। ৰাজ্যখনত বানাক্ৰান্ত হৈ গৃহহীন হোৱা লোকৰ পুনৰ সংস্থাপন কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ বানাক্ৰান্ত এলেকাত জৰুৰীকালীন মেডিকেল সেৱাৰ ব্যৱস্থা কৰিব লাগে৷