অসমৰ নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ

PC - The Economic Times

অসমৰ নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ।আৰম্ভ হ’ল বিভিন্ন উদ্যোগৰে ৰাজ্যৰ উদ্যোগী, দক্ষতা আৰু নিয়োগ বিভাগৰ বুজাবুজি চুক্তি।এই বুজাবুজিৰ স্মাৰকপত্ৰ স্বাক্ষৰ চুক্তিৰ জৰিয়তে আগন্তুক সময়ত অসমক স্বাস্থ্য খণ্ডৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰে।এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ সৈতে বিভিন্ন দিশত ৰাজ্যখনৰ উন্নয়নৰ বাবে গুগল, এছ জে ভি এন লিমিটেড, টাটা ষ্ট্ৰাইভ, হেলথকেয়াৰ এছ এছ চি, লাৰ্চেন এণ্ড টাৰ্বো ইণ্ডিয়া, নৌকৰি ডট কম আৰু মাইক্ৰ’ছফ্টে সহযোগ আগবঢ়াব।জনতা ভৱনৰ আলোচনা গৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষানেও অংশগ্ৰহণ কৰে।