অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক দলবদ্ধ আক্ৰমণৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহণা

Pc- asomiya pratidin

অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক দলবদ্ধ আক্ৰমণৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহণা

ৰঙিলী বাৰ্ত্তাসেৱা-   বাতৰি সংগ্ৰহ কৰিবলৈ গৈ নিগ্ৰহৰ সন্মুখীন হয় অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়া। এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াই চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু কৰ্তব্যৰত অৱস্থাত সাংবাদিক গৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকা সন্তোষজনক নহয় বুলি অভিযোগ উত্থাপন হৈছে ।বনজিত ঠাকুৰীয়াৰ আক্ৰমণত জড়িত দুজনক আটক কৰা হৈছে যদিও আক্ৰমণকাৰী অন্য দুৰ্বৃত্তই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছে। অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে। অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি সাংবাদিক বনজিত ঠাকুৰীয়াক ন্যায় প্ৰদানৰ দাবী জনাইছে গুৱাহাটী প্ৰেছ ক্লাবে।