অসমীয়াৰ শিৰে শিৰে প্ৰবাহিত জয়মতীৰ আত্মদান
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
জয়মতীৰ আত্মদান ইতিহাসৰ এক গৌৰৱৰ বিষয়।আহোম ৰজা গদাধৰ সিংহৰ পত্নী জয়মতীয়ে স্বামীৰ জীৱন ৰক্ষাৰ্থে নিজৰ জীৱন আহুতি দিবলৈও কোনো কুণ্ঠাবোধ কৰা নাছিল।ই এক সাহসী নাৰীৰ পৰিচয়।জয়মতীৰ আশা আছিল ৰাজ্যখন ৰক্ষা কৰিবৰ বাবে তেওঁৰ স্বামী এদিন স্বৰ্গদেউ হ’ব।স্বেচ্ছাচাৰী শাসনৰ অন্ত পৰি গদাপাণিয়ে ৰাজ্যলৈ শান্তি ঘূৰাই আনিব পাৰিব।সেইসময়ত প্ৰভাৱশালী কোঁৱৰ সকলক অংগক্ষত কৰিছিল।ৰজাৰ চোৰাং চোৱাই গদাপাণিক ধৰাৰ আগতেই জয়মতীয়ে ঘৰৰ পৰা পলোৱাই পঠাইছিল।গদাপাণিয়ে পত্নী আৰু দুই পুত্ৰক এৰি যাবলৈ ইচ্ছা কৰা নাছিল।পত্নীৰ কাতৰ অনুৰোধত নগা পাহাৰত আশ্ৰয় লয়।গদাপাণিক বিচাৰি নোপোৱাত ৰজাৰ সৈন্যই জয়মতীক ধৰি নি ৰাজ সভাত উপস্থিত কৰাই সোধ-পোচ কৰিলে যদিও গদাপাণিৰ ঠিকনা উলিয়াব নোৱাৰিলে।সেইবাবে লালোকসোলা বৰফুকনে জয়মতীক ৰাজহুৱাকৈ শিৱসাগৰৰ জেৰেঙা পথাৰত চাওদাংৰ দ্বাৰা কোটকোৰা গছত বান্ধি চুৰাট পাতেৰে কোবাই,গৰমপানী ঢালি,আমৰলি মেলি শাস্তি প্ৰদান কৰিছিল।লালোকসোলা বৰফুকনে ভাবিছিল সমজুৱাকৈ শাস্তি বিহিত কৰিলে জয়মতীৰ মুখৰ পৰা সকলো কথা ওলাই পৰিব নাইবা গদাপাণিয়ে নিজেই আহি দেখা দিব।কিন্তু জয়মতীয়ে স্বামীৰ ঠিকনা দিবলৈ মান্তি নহ’ল।স্বামীয়ে শাস্তিৰ খবৰ পাই নগা সাজ পৰিধান কৰি জেৰেঙা পথাৰলৈ আহি শাস্তি খাই থকাতকৈ স্বামীৰ কথা কৈ দিবলৈ অনুৰোধ কৰে।জয়মতীয়ে তেখেতক চিনিব পাৰি য’ৰ মানুহ তালৈ গুচি যাবলৈ ক’লে।শাস্তিৰ সময়ৰ ঘটনা খিনি অতি হৃদয় বিদাৰক আছিল।জয়মতী কুঁৱৰীৰ আত্মদানে প্ৰজাৰ হৃদয়তো বহুত কষ্ট দিছিল।জয়মতীৰ সপোন বাস্তৱত পৰিণত হ’ল যদিও নিজ চকুৰে প্ৰত্যক্ষ কৰিব নোৱাৰিলে।আত্মদান দিয়াটো সহজ কথা নহয়।জয়মতীৰ আত্মদানৰ বিষয়ে অসমীয়াৰ শিৰে শিৰে প্ৰবাহিত হৈ আহিছে আৰু হৈ থাকিব।