“অসমীয়া যুৱ জাগৰণ সমিতি”ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

“অসমীয়া যুৱ জাগৰণ সমিতি”ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ০২/১০/২০২৩ ইং তাৰিখে “অসমীয়া যুৱ জাগৰণ সমিতি”য়ে সফলতাৰে প্ৰথম বৰ্ষ সম্পূৰ্ণ কৰি দ্বিতীয় বৰ্ষত ভৰি দিয়া নিমিত্তে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষে গোটৰ সদস্য সকলে মিলি এখন সাধাৰণ সভা অনুষ্ঠিত কৰাৰ লগতে অনুষ্টুপীয়াকৈ এই বিশেষ দিনটো উদযাপন কৰে । উক্ত সভাখনত উপস্থিত থাকে অসমীয়া যুৱ জাগৰণ সমিতিৰ প্ৰতিষ্ঠাপক শ্ৰী মণিমুগ্ধ মেধি, উপদেষ্টা শ্ৰী গুণজিত ভূঞা, সভাপতি তথা সহ-প্ৰতিষ্ঠাপক শ্ৰী দেৱাশিস তালুকদাৰ, সাধাৰণ সম্পাদিকা শ্ৰী তৃষ্ণা দেৱী, যুতীয়া সম্পাদক তথা সহ-প্ৰতিষ্ঠাপক শ্ৰী নিকুঞ্জ শৰ্মা, তথ্য আৰু প্ৰযুক্তিৰ সম্পাদক শ্ৰী জিন্টু চৌধুৰী, সমাজ সেৱাৰ সম্পাদিকা শ্ৰী স্বৰ্ণালী দেবনাথ আৰু গোটৰ আন সদস্য ক্ৰমে পংকজ ৰাভা, মাধুৰ্য্য দাস, দীপাংকৰ শৰ্মা, উদয়ন চেতিয়া, সবিতা হালৈ, বিবেক শইকীয়া । আয়োজিত সভাখনত গোটৰ প্ৰগতিৰ কামনাৰে সমাজৰ কেইজন বিশিষ্ট লোকো উপস্থিত থাকে যেনে শ্ৰী মুনীন্দ্ৰ কুমাৰ শৰ্মা, চাৰ্লচ কুমাৰ ডেকা ইত্যাদি ।