অসমীয়া ভাষা সাহিত্য লৈ শংকৰদেৱৰ অৱদান – লখিমী শৰ্মা

PC - Assam.MyGov.in

 অসমীয়া ভাষা সাহিত্য লৈ শংকৰদেৱৰ অৱদান

লখিমী শৰ্মা, যোৰহাট 

মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰ, শিক্ষা, চিত্ৰবিদ্যা, সমাজ সংস্কাৰ, সাহিত্য সৃষ্টি, সংগীত অভিনয় সকলো বিষয়তে অসমীয়া জাতি আৰু অসমীয়া ভাষা সাহিত্যক জীৱনী শক্তি প্ৰদান কৰি থৈ গৈছে । অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শংকৰদেৱৰ ১৩৭১ শক , ইংৰাজী ১৪৪৯  খ্ৰীষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীত জন্ম হৈছিল । শৈশৱতে তেওঁ পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা দেৱীক হেৰুওৱাত বুঢ়ী মাক খেৰসূতী আইৰ আদৰ যত্নেৰে লালিত পালিত হৈ ধূলি ধেমালিৰ আনন্দ মধুৰ দিনবোৰ লগৰীয়া লগত অতিবাহিত কৰিছিল আনন্দ বিভোৰ হৈয়ে ।মহেন্দ্ৰ কন্দলীৰ টোলত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল।তেওঁৰ ছাত্ৰ জীৱনৰ প্ৰতিভাৰ অবিস্মৰণীয় স্বাক্ষৰ বহন কৰিছে এইফাঁকি মনোৰম অথচ ভাব গম্ভীৰ ভগৱৎস্তোত্ৰই –

কৰতল কমল কমলদল নয়ন ।
ভৱদৱ দহন গহন বন শয়ন ।।
খৰতৰ বৰশত হতদশ বদন ।
খৰচৰ নগধৰ ফনধৰ শয়ন ।।
নপৰ নপৰ পৰ সতৰত গময় ।
সভয় মভয় মম হৰশত তয় ।।
জগ দঘ মপ হৰ ভৱ ভয় তৰণ ।
পৰ পদ লয় কৰ কমলজ নয়ন ।।

শিক্ষা সাং কৰাৰ পিছত কিছুদিন ভূঞা ৰাজ্যৰ দায়িত্বও বহন কৰিব লগা হৈছিল । ১৪৭০ চনত তেওঁ সূৰ্যৱতীক বিয়া কৰাই সাংসাৰিক জীৱন আৰম্ভ কৰে।এটি কন্যা এৰি সূৰ্যৱতী ঢুকোৱাত শ্ৰীমন্ত শংকৰদেৱৰ মনত বৈৰাগ্য জন্মে । তেওঁ দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰি নানা সাধু, সন্ত, মহন্তৰ লগত ধৰ্মালোচনা কৰি তেওঁ প্ৰৱৰ্তিত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছিল । তেওঁ গৃহী আছিল । দুবাৰকৈ বিবাহ বন্ধনত আবদ্ধ হৈছিল । কিন্তু তেওঁ অনাসক্ত গৃহী আছিল । তেওঁৰ ধৰ্মত গৃহী আৰু গৃহত্যাগীৰ সমান স্থান আছিল । ১২ বছৰ কাল ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি অতিবাহিত কৰে । তীৰ্থ ভ্ৰমণৰ জৰিয়তে তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় আচাৰ , ৰীতি নীতি আৰু ভাষা সংস্কৃতিৰ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল ।
গাৰ্হস্থ্য ধৰ্ম পালন কৰিও ভগৱানৰ কৰুণা লাভ কৰিব পাৰে-

” বলি নিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ ।
দেৱৰ দুৰ্লভ অতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহতে থাকিয়া দেখিলোঁ তযু চৰণ । “

ধৰ্মত অৱলম্বন কৰিয়ে তেওঁ অসমীয়া জাতি গঠন কৰাৰ লগতে অসমীয়া সাহিত্য সংস্কৃতিৰো স্বৰ্ণ সৌধ নিৰ্মাণ কৰি থৈ গৈছে ।তেওঁ ছকুৰি বৰগীত আৰু চিহ্ন যাত্ৰা, কালীয় দমন, হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলিছলন, কুৰুক্ষেত্ৰ, ৰাম বিজয়, পাৰিজাত হৰণ, কেলি গোপাল আদি নাট ৰচনা কৰি ইয়াৰ প্ৰভাৱেৰে অসমীয়াৰ ধৰ্মীয় জীৱন মহীয়ান কৰি থৈ গৈছে।গীত, নাট, পৰিৱেশনৰ অংগস্বৰূপে খোল, তাল, ডবা, কাঁহ, শংখ আদিৰ সৃষ্টি কৰি সংস্কৃতিৰ ভৰালোঁ চহকী কৰি থৈছে । তেওঁ ধৰ্ম প্ৰচাৰৰ প্ৰেৰণাতে কীৰ্তন ৰচিত হৈছে।কীৰ্তন অসমীয়া জাতিৰ বেদ। সৃষ্টিতত্ত্ব , ভক্তিতত্ত্ব , মূক্তিৰ বাণী সামাজিক জীৱনধাৰাৰ মূৰ্তিমান ছবি কীৰ্তনৰ বুকুতে নিহিত আছে ।গুৰু জনাই অসমত সত্ৰ , নামঘৰ স্থাপন কৰি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল । তেওঁ ৰচিত নামপুথি, কীৰ্তন ঘোষা সাহিত্যক প্ৰতিভাৰ উজ্জল নিদৰ্শন আৰু অসমীয়া সাহিত্য মন্দিৰৰ এগছি উজ্জল বন্তিস্বৰূপ।শংকৰদেৱ আছিল এগৰাকী ধৰ্ম প্ৰৱৰ্তক, সু সাহিত্যিক, সমাজ সংস্কাৰক, নাট্যকাৰ, অভিনেতা, নৃত্য বিশাৰদ, সংগীতজ্ঞ আৰু সুনিপুণ চাৰুকলা শিল্পী।মহাপুৰুষ জনাই হ’ল – অসমীয়া নাট্য সাহিত্যৰ জনক ।

” জয় গুৰু শংকৰ         সৰ্বগুণাকৰ
যাকেৰি নাহিকে উপাম ,
তাহেৰি চৰণকো         বেণুশত কোটি
বাৰেক কৰোঁহো প্ৰণাম । “