অসমীয়া ভাষাৰ অপমানৰ প্ৰতিবাদত হাইলাকান্দি জিলা জাতীয় পৰিষদৰ ধৰ্ণা

pc News18

অসমীয়া ভাষাৰ অপমানৰ প্ৰতিবাদত হাইলাকান্দি জিলা জাতীয় পৰিষদৰ ধৰ্ণা

ৰঙিলী বাৰ্ত্তাসেৱা – শিলচৰত দুষ্কৃতিকাৰীয়ে অসমীয়া ভাষাৰ চাইনবোৰ্ডত ক’লা ৰং সানি অসমীয়া ভাষা আৰু জাতিক অপমান কৰা দুষ্কাৰ্যৰ প্ৰতিবাদত অসম জাতীয় পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে হাইলাকান্দি চহৰৰ ৰবীন্দ্ৰ ভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ দলৰ হাইলাকান্দি জিলা সমিতিৰ সভাপতি চাৰোৱাৰ হুদা চৌধুৰীৰ নেতৃত্বত দলৰ কৰ্মীসকলে ‘বি ডি ৱাই এফ মু্ৰ্দাবাদ’, ‘অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ নামানো’, ‘অসমীয়া ভাষা জিন্দাবাদ’, ‘ভাষাৰ নামত বিভেদ নচলিব’ আদি শ্লোগান দিয়ে৷ প্ৰতিবাদকাৰীসকলে অসমীয়া ভাষা বিদ্বেষী লোকসকলৰ বিৰুদ্ধে আৰু অসমীয়া ভাষাৰ সপক্ষে লিখা প্লে’ কাৰ্ড প্ৰদৰ্শন কৰে৷ জিলা সভাপতি চৌধুৰীয়ে প্ৰতিবাদকাৰীসকলক সম্বোধন কৰি কয় যে শাসক দল বিজেপি আৰু আৰ এছ এছৰ লগত সম্পৰ্ক থকা কিছু লোকে শিলচৰৰ ঘটনাটো সংঘটিত কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত ঘটনাকাৰীসকলৰ আচল উদ্দেশ্য কি আৰু সেয়া কাৰ পৃষ্ঠপোষকতাত সংঘটিত হৈছে, সেই কথা কাৰো বুজিবলৈ বাকী নাই। এইসকলে সদায় ধৰ্ম, ভাষা, জাতি, সম্প্ৰদায়ৰ নামত সমাজখনক বিভাজিত কৰাৰ চেষ্টা চলাই থাকে। বৰাকৰ বাংলাভাষী সাধাৰণ ৰাইজৰ অসমীয়া জাতি আৰু ভাষাৰ সৈতে কোনো সংঘাত নাই। অৱশ্যে নাগৰিকত্ব সংশোধনী আইন (কা) প্ৰৱৰ্তনৰ ফলত যে উগ্ৰ ভাষা বিদ্বেষীসকল উৎসাহিত হৈছে, সেই কথাও শিলচৰৰ ঘটনাই প্ৰমাণ কৰে বুলি চৌধুৰীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে ভাষাৰ নামত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভেদ সৃষ্টি হ’বলৈ দিয়া নহ’ব আৰু অসম জাতীয় পৰিষদে তেনে বিভেদকামী শক্তিৰ বিৰোধিতা কৰি যাব।