অসমত বৃহৎ আন্তঃগাঁথনি নিৰ্মাণৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত অনুষ্ঠিত ‘এডভান্টেজ আছাম ২.০’ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ অংশ হিচাপে আয়োজিত ‘অসমৰ স্থলপথ, ৰে’লপথ আৰু জলপথ: আছিয়ান দেশ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিকাশৰ দিশত ভাৰতৰ এক্সপ্রেছ ৱে শীর্ষক এক উচ্চ পৰ্যায়ৰ সন্মিলনত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে এক বিশেষ ভিডিঅ’ বার্তাযোগে অংশগ্রহণ কৰে। ভিডিঅ’ বার্তাটোত কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীয়ে ৫৫ হাজাৰ ১৭৯ কোটি টকাৰ অসমকেন্দ্রিক কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৫,৮০০ কোটি টকা ব্যয়সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্রকল্প, ২৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ গুৱাহাটী-পঞ্চগ্রাম পথ প্রকল্প, ৬ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ কাজিৰঙা এলিভেটেড কৰিড’ৰ, প্রায় ১৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ আৰু ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গহপুৰ-নুমলীগড় সুৰংগ প্রকল্প, ভৈৰৱকুণ্ড হৈ জাগীৰোড আৰু ভূটান সংযোগী ৩,২২৫ কোটি টকা ব্যয়সাপেক্ষ এটা নতুন পথ আৰু কামাখ্যা ৰোপ ৱে’ প্রকল্প অন্যতম। কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে প্রকাশ কৰা অনুসৰি অনাগত দিনত অসমত তিনি লাখ কোটিৰো অধিক টকাৰে পথ পৰিবহণ খণ্ডত কাম আৰম্ভ হ’ব। বর্তমান ৰাজ্যখনত ৬০ হাজাৰ কোটি টকাৰ কাম চলি আছে। গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ কাম ২০২৭ৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। নাৰেংগী-কুৰুৱা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত তিনি কিঃমিঃ দৈৰ্ঘ্যৰ ছয়লেনযুক্ত দলংখনৰ নিবিদা ইতিমধ্যে হৈ গৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে এই দলংখনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জৰিয়তে ভূমিপূজন কৰিব পাৰে। সেইদৰে গুৱাহাটী-পঞ্চগ্রাম পথ প্রকল্প নিৰ্মাণৰ কামো ২০২৫ৰ জুলাইৰ পূৰ্বে আৰম্ভ কৰা হ’ব। এই প্রকল্পটো হৈ উঠিলে গুৱাহাটীৰ পৰা শিলচৰলৈ যাতায়াতৰ দূৰত্ব চাৰিৰ পৰা পাঁচ ঘণ্টালৈ হ্রাস পাব। নুমলীগড়-গহপুৰ সংযোগী সুৰংগ পথৰ নিৰ্মাণৰ কামো চলিত বৰ্ষৰ জুলাই মাহৰ পূৰ্বে আৰম্ভ কৰা হ’ব। উল্লেখ্য যে এই সন্মিলনখনত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমত উন্নত আন্তঃগাঁথনি নির্মাণত গুৰুত্ব আৰোপ কৰি কয় যে উন্নত আন্তঃগাঁথনিৰ জৰিয়তেহে কোনো এটা অঞ্চললৈ বিনিয়োগকাৰীক আকৰ্ষণ কৰিব পৰা যায়। যেতিয়া কোনো এটা অঞ্চল বা ৰাজ্য এখনত উন্নত আন্তঃগাঁথনি থাকে, তেতিয়া তেনে অঞ্চল বা ৰাজ্যখনলৈ স্বাভাৱিকভাৱেই বিনিয়োগকাৰীৰ আগমন ঘটে। ইয়াৰ পৰিপ্ৰেক্ষিতত এডভান্টেজ আছাম ২.০ৰ জৰিয়তে ৰাজ্যখনত বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে আজি আন্তঃগাঁথনি আৰু যোগাযোগৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে প্রতিবছৰে ৰাজ্যখনৰ মূলধনী বিনিয়োগে চলিত বর্ষত ২৫ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিব। ৰাজ্য চৰকাৰে প্রতিবছৰে ১০ শতাংশকৈ মূলধনী বিনিয়োগ বৃদ্ধি কৰি আহিছে। অসমে বাস্তৱসন্মত, ভৱিষ্যমুখী আৰু প্রায়োগিক দিশত আগবাঢ়িব লাগিব। এই সন্মিলনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সর্বানন্দ সোণোৱালৰ উপৰি ছিংগাপুৰৰ উচ্চাযুক্ত ছাইমন ৱং, লোকনির্মাণ (প্রধানমন্ত্রী গ্রাম চড়ক যোজনা) বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, ই ৱাইৰ পাৰ্টনাৰ আদিল জাইদি, আফকৰ্নছৰ উপ-পৰিচালন সঞ্চালক গিৰিধৰ ৰাজাগোপালন, ৰোডছ, ব্রীজেছ, ফাউণ্ডেচনছ এণ্ড এলএন্ডটি কনষ্ট্রাকচনৰ কাৰ্যবাহী উপ-সভাপতি আৰু এছ বি জিৰ মুৰব্বী আৰ কে বানছাল, আদানি বন্দৰ আৰু এছ ই জেদৰ সভাপতি সুব্রত ত্রিপাঠী আদি উপস্থিত থাকে।