অসমত বিগত ২৪ ঘণ্টাত কোভিড আক্ৰান্তৰ সংখ্যা ১ হাজাৰ তলত আৰু কোভিড পজিটিভিটিৰ হাৰ ০.৯২ শতাংশ

pc-business standard

অনলাইন বাৰ্ত্তাসেৱা-   সুদীৰ্ঘ সময়ৰ পাছত প্ৰথমবাৰৰ বাবে বিগত ২৪ ঘণ্টাত কোভিড আক্ৰান্তৰ সংখ্যা ১ হাজাৰ তলত থাকিল। বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে মুঠ ৯৮৯ গৰাকী ব্যক্তি। এই সময়ছোৱাত কোভিড পজিটিভিটিৰ হাৰ ০.৯২ শতাংশ। আনহাতে এই সময়ত মৃত্যুৰ সংখ্যা ১৯ জন।বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰত সৰ্বাধিক ১৬০ জন, কামৰূপ গ্ৰাম্যত ৬৬ জন, গোলাঘাটত ৫৫ জন, নলবাৰীত ৫০ জন লোক কোভিডত আক্ৰান্ত হৈছে।আনহাতে এই সময়ত সৰ্বাধিক মৃত্যু হৈছে গোলাঘাট জিলাত। জিলাখনত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৪ জন লোকৰ। by utpal kalita