অযোধ্যাৰ ৰাম মন্দিৰ – লখিমী শৰ্মা

অযোধ্যাৰ ৰাম মন্দিৰ
লখিমী শৰ্মা 
যোৰহাট
এটা হিন্দু মন্দিৰ যি ভাৰতৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰামৰ পবিত্ৰ জন্মভূমিৰ তীৰ্থস্থানত নিৰ্মাণ কৰা হৈছে । বহু হিন্দুসকলে বিশ্বাস কৰে যে এই স্থানটো ৰামৰ জন্মস্থান , যাক ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ হিচাপে উপাসনা কৰা হয় । মন্দিৰটোৰ নিৰ্মাণৰ কাম শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ দ্বাৰা পৰিচালিত হয় । গুজৰাটৰ সোমপুৰা পৰিবাৰে এই মন্দিৰটোৰ ডিজাইন কৰিছে । ই বাবৰী মছজিদৰ স্থানৰ ওপৰত নিৰ্মিত , যাক ১৯৯২ চনত ভাঙি পেলোৱা হৈছিল । অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাকক্ষণত সমগ্ৰ অযোধ্যাত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছিল । প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বৰ সকলো ৰীতি – নীতি সম্পূৰ্ণ হৈ উঠিল । দেশৰ বিভিন্ন পবিত্ৰ নৈ , জলাশয়ৰ পৰা অনা পানীৰে ৰাম লালাৰ মূৰ্তিক স্নান কৰোৱা হয় । প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে ৰাম মন্দিৰৰ লগতে সমগ্ৰ অযোধ্যাক সজাই – পৰাই তোলা হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বৈদিক ৰীতি – নীতিৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল । অনুষ্ঠানত ভাগ ল’বলৈ অসমৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ অযোধ্যাত উপস্থিত হৈছিল । অযোধ্যাৰ মন্দিৰসমূহত কীৰ্তন , ভজন , ৰামায়ণ আৰু ৰামচৰিত মানসৰ নিৰন্তৰ পাঠ কৰা হৈছিল । অযোধ্যাৰ সীমান্ত বন্ধ কৰি দিয়া হৈছিল আৰু যান – বাহনসমূহৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰা হৈছিল । চহৰখনৰ আকাশমাৰ্গ ড্ৰোনৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰা হৈছিল । অযোধ্যা চহৰৰ বাট – পথসমূহত হাজাৰ হাজাৰ সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছিল । সৰযু নৈতো জল আৰক্ষী নিয়োজিত কৰা হৈছিল ।