অভিমানৰ মৰম
বন্দিতা দেৱী
গণকপুখুৰী,গোলাঘাট
অনুভৱ আৰু অভিমান
কি যে মধুৰ শব্দ…
কিন্তু এই মধুৰ শব্দ যদি
কেতিয়াবা ধূসৰ হয়
নাজানো মই তেতিয়া কি কৰিম?
মাথো উপলদ্ধি কৰিছো
আৰু আনন্দ পাৰিছো
যেতিয়া এই শব্দ দুটা
ধূসৰ হ’ব তেতিয়া
হয়তো মোৰ মনটো
বিষাদৰ ক’লা ডাৱৰে
ঢাকি ধৰিব।
তেতিয়া হয়তো মোৰ ওচৰত
আপোন বুলিবলৈ
মোক অলপ সাহস দিব
পৰাকৈ কোনো নাথাকিব
মাথো মোৰ হৃদয়ৰ
বিষাদৰ অশ্ৰুৱে
তোমাক কাষত বিচাৰিব
আৰু তেতিয়া যদি মই
তোমাক কাষত বিচাৰি নাপাও
তোমাৰ সেই মৰমৰ
অনুভৱ আৰু অভিমানৰ
টোপোলাটি লৈ জীয়াই
থাকিব লাগিব
কিন্তু মোৰ এইদৰে
জীয়াই থকাৰ সাহস
সেইসময়ত পামনে?
মই কেনেকৈ থাকিম
তোমাৰ অভিমানৰ অবিহনে??????