অ’ভাৰ ব্ৰিজ সমূহত বেনাৰ প’ষ্টাৰ
=======================


আমি নিজকে ভাৰতৰ নাগৰিক হিচাপে দাবী কৰি বহুত গৰ্ব অনুভৱ কৰোঁ নহয়নে বাৰু? কিন্তু আমি বাস্তৱতে এজন নাগৰিক হিচাপে নিজৰ দায়িত্ব কিমান দূৰ পালন কৰোঁ নো?নিজক লৈ সদা সৰ্বদা ব্যস্ত থকা আমিবোৰে দেশ মাতৃৰ বাবেতো একো কৰিবই নোৱাৰোঁ অথচ্ দেশৰ সন্মানীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন “স্বচ্ছ ভাৰত অভিযান” ক বুঢ়া আঙুলি দেখুৱাই দেশ খনৰ সৌন্দৰ্যক বিধ্বংস কৰি জুৰুলা কৰাত উঠি পৰি লাগিছোঁ।আমি চহৰত বসবাস কৰা এনে বহুতো নাগৰিক আছোঁ যিবোৰৰ কিছুমান কৰ্মকাণ্ডই সচেতন মহলক আচৰিত কৰি তোলে।নিজৰ ব্যৱসায়িক পৰিসৰৰ শ্ৰীবৃদ্ধিৰ বাবে জাকতজিলিকা চহৰখনক কুৎসিত ৰূপত ৰূপান্তৰিত কৰাত কত যে পায়তাৰা আৰম্ভ কৰিছোঁ।


আমি সকলোৱে জানো যে ব্যস্ত চহৰ গুৱাহাটী মহানগৰীত যানজঁট হোৱাটো এটা বিৰাট ডাঙৰ সমস্যা।এই সমস্যাবোৰ দূৰীকৰণৰ বাবে চৰকাৰে ঘনে ঘনে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ জৰিয়তে সুন্দৰ সুন্দৰ উৰণীয়া সেঁতু (অ’ভাৰ ব্ৰিজ) নিৰ্মাণ কৰি তাতে দেশখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সাংস্কৃতি,জীৱ জন্তুৰ লগতে মহান ব্যক্তিসকলৰ ছবি অংকন কৰি আটকধুনীয়া কৰি তুলিছে।যিবোৰ ছবিৰ প্ৰতি চালে চাই থাকিবৰে মন যায়।সেই ঠাইবোৰত যে আমি সদায় পাণৰ পিক,গোঠখাৰ পিক পেলাই লেতেৰা কৰোঁ,তেনে কৰিলে সেই ঠাইবোৰ কিমান আপচু লাগে এবাৰ ভাবি চাওকচোন। তাতোকৈ ডাঙৰ কথা হৈছে ব্ৰিজ সমূহৰ তলৰ ফালে লক্ষ্য কৰিলে বুজাত গণ্ডগোল লাগে যে আমি কোনখন সমাজত বসবাস কৰি আছোঁ।ব্ৰিজ সমূহৰ স্তম্ভ সমূহলৈ চাই এনেকুৱা লাগে যেন সেয়া অকল বিজ্ঞাপনৰ বাবে হে নিৰ্মাণ কৰা হৈছে। চাৰিওফালে প’ষ্টাৰেই প’ষ্টাৰ। কিছুমান নতুন, কিছুমান আধা ফলা কিছুমান উৱলি যোৱা।


ব্ৰিজ বা দেৱালসমূহত বেনাৰ প’ষ্টাৰ লগোৱা কিমান দূৰ সঠিক কিম্বা ভুল সেয়া ক’ব যোৱা নাই,মইতো মাথোঁ চকুৰ আগত সেই অদ্ভুত ছবিটো দাঙি ধৰিব বিচাৰিছোঁ যি ছবিয়ে আমাৰ আপোনাৰ বিবেকক নোৱাৰিলেও হৃদয়ক হয়তো বা দেখাবলৈ বাধ্য কৰাব ভুল শুদ্ধৰ বিভাজন চিনটো।ধৰি লওক আপোনাৰ মৰমৰ ঘৰখন বহুত টকা খৰচ কৰি নিৰ্মাণ কৰি উলিয়াইছে।ঘৰখনক ইমানেই ধুনীয়া ৰং কৰিছে যে দেৱালেৰে এটা পৰুৱা খোজকাঢ়ি গ’লেও দেখা পোৱা যায়।সেই ঘৰখনত যদি কোনোবাই তামোলৰ পিক পেলায়, কোনোবাই হোমিওপেথিক দৰৱৰ প’ষ্টাৰ নতুবা কোনোবা নিৰ্বাচনী প’ষ্টাৰ লগাই দিয়ে, তেওঁক জীৱন্তে পুতি থোৱাৰ দৰে খং নুঠিবনে আপোনাৰ?নিশ্চয় উঠিব।কাৰণ সেই ঘৰখনক আপুনি নিজৰ বুলি জানে।ঠিক তেনেদৰে আপোনাৰ মোৰ দেশৰ চৰকাৰী বস্তুবোৰতে যে অংশ আছে,ইয়াক সুকলমে ৰখাৰো যে আপোনাৰ মোৰ দায়িত্ব কৰ্তব্য আছে সেয়া আপুনি মই পাহৰি গ’লে নচলিব।


আহক আমি মুখেৰে নহয় হৃদয়েৰে গঢ়োঁ সোণৰ অসমখনি।আহক আজিৰ পৰা অ’ভাৰ ব্ৰিজ আৰু ৰাজহুৱা দেৱাল সমূহৰ সৌষ্ঠৱ বৃদ্ধিৰ প্ৰতিযোগিতা কৰোঁ।
====================================
কাজি শ্বাহাদত ইছলাম