অপেক্ষাত – সবিতা বেগম

PC - Shutterstock
অপেক্ষাত
সবিতা বেগম, বৰপেটা
অপেক্ষাত …
হাৰিকেনটো লৈ ৰৈ আছোঁ
কৰ্তব্যৰত  ৰখিয়াৰ দৰে …
নে আগুৱাব পাৰোঁ
নে পিছুৱাব পাৰোঁ …।
কিন্তু মই শুনিবলৈ পাওঁ
শত স্পন্দন, হেজাৰ শ্লোগান
বহুতো পদধ্বনি আৰু
ভয়ানক কীৰ্তন ….।
মাথোঁ এটি উত্তৰ বিচাৰি…।
অতিক্ৰম ঋতু বসন্ত মাহ শতিকা…
মাথোঁ পুৰাতন মকৰাজালে
হেজাৰ কেলেণ্ডাৰৰ পাত।
যেন মই
আজি অপৰাধী !!!
পাহাৰ সদৃশ প্ৰশ্ন কঢ়িয়াই
মিছা সপোন বোৰৰ নামত ।।