অন্ধ্ৰ প্ৰদেশত পৰীক্ষাৰ সময়ত ফেন পৰাৰ ফলত ছাত্ৰী আঘাতপ্ৰাপ্ত

pc India Today

অন্ধ্ৰ প্ৰদেশত পৰীক্ষাৰ সময়ত ফেন পৰাৰ ফলত ছাত্ৰী আঘাতপ্ৰাপ্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  অন্ধ্ৰ প্ৰদেশৰ শ্ৰী সত্যচাই জিলাৰ এখন স্থানীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰী য়ে পৰীক্ষা লিখি থকা অৱস্থাত চিলিং ফেন পৰাৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল। ছোৱালীজনীক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসাৰ পিছত ছাত্ৰী গৰাকীয়ে পুনৰ পৰীক্ষাত যোগদান কৰিছিল। “এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আছিল। এক সঠিক স্থাপন আৰু পুংখানুপুংখ তত্বাৱধান পুনৰ সম্পন্ন কৰা হ’ব,” বিদ্যালয়ৰ অধ্যক্ষই কয়।