অনুৰাধাৰ চিঠি
অসীম জ্যোতি দাস, মৰিগাঁও
প্ৰতি,
মৰম ল’বা !
আজি বহু দিনৰ পাছত এয়া তোমালৈ
চিঠি লিখিবলৈ বুলি বগা কাগজৰ বুকুত
নীলা চিয়াঁহীৰে কুকুৰা ঠেঙীয়া আখৰেৰে
কিছুমান শব্দৰ আঁক-বাঁক আৰম্ভ কৰিছোঁ।
আশা কৰিছোঁ তুমি চাগৈ অজান মলুকত ভালেই আছা !
ময়ো তোমাৰ মৰমৰ ঘৰখনত ভালে আছোঁ দিয়া,
তুমি দিয়া নতুন পৰিচয় লৈ সমাজত খোজ দিবলৈ শিকিছোঁ !
তুমি নোহোৱা হোৱা দিনাৰে পৰা বহু নতুন কথা শিকিছোঁ,
তুমি নোহোৱা হোৱা দিনাৰে পৰা মোৰ ভাল লগাবোৰ ভাল নালাগে,
তুমি নোহোৱা হোৱা দিনাৰে পৰা মোৰ প্ৰিয় ৰং বোৰ বগা ৰঙলৈ সলনি হ’ল,
তুমি নোহোৱা হোৱা দিনাৰে পৰা সমাজৰ মাংগলিক কাৰ্যত মোৰ স্থান নাই !
তোমালৈ বৰকৈ মনত পৰে জানা
তেতিয়া তোমাৰ ফটো খনলৈ বাৰে বাৰে চাওঁ,
কিজানিবা তুমি “এই অনুৰাধা” বুলি মাত লগোৱা !
আজিকালি সোণপোনাইয়ো তোমাৰ ফটোখন ঘনে ঘনে চাই
তাৰ মুখত তোমাৰ অনুপস্থিতিৰ অভাৱ বাৰুকৈয়ে ফুটি উঠে !
তাক তোমাৰ স্বদেশপ্ৰেমৰ কথা শুনাও
সিও যাতে কৰিব পাৰে তোমাৰ দৰে জননীৰ সেৱা।
বাৰু আজিলৈ হ’ব দিয়া ।
অ’ তুমি দিয়া ৰঙা পাটৰ সাজযোৰ বৰ সযতনে ৰাখিছোঁ,
তোমাৰ অনুপস্থিতিত এতিয়া মোৰ বগা সাজযোৰেই প্ৰিয়।
শেষত,
তুমি যেতিয়া উভতিবা মোলৈ আগতীয়াকৈ চিঠি পাঠাবলৈ নাপাহৰিবা দেই !
ইতি,
তোমাৰ অনুৰাধা।
