অনুমোদিত খালী পদ থকাৰ পাছতো শিক্ষা বিভাগৰ ব্যৰ্থতাৰ পৰিচয়

pc - The Janambhumi

অনুমোদিত খালী পদ থকাৰ পাছতো শিক্ষা বিভাগৰ ব্যৰ্থতাৰ পৰিচয়

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ শিক্ষিত নিবনুৱাক নিযুক্তি প্রদানত ব্যৰ্থ শিক্ষা বিভাগ।শিক্ষা বিভাগত ২৮ হাজাৰ অনুমোদিত খালী পদ থকা সত্ত্বেও বিভাগটোৱে বিতর্কহীন,স্বচ্ছ নিযুক্তি প্রদানত ব্যৰ্থতাৰ পৰিচয় দাঙি ধৰিছে।ৰাজ্যৰ শিক্ষা বিভাগত বিত্ত বিভাগৰ দ্বাৰা অনুমোদিত পদ সংখ্যা ২৮,১৬২টা।কিন্তু ইয়াৰে ১১,০৬৩টা পদতহে এইবাৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে আৰু ১৭,০৯৯টা শিক্ষক পদ ৰৈ গ’ল।শিক্ষা বিভাগৰ বাচনি প্ৰক্ৰিয়াৰ ভুলৰ বাবে নিযুক্তিৰ পাছতো ২,৫০০ টা শিক্ষকৰ পদ ব্লক হোৱাৰ উপক্রম ঘটিছে।একাংশ প্রার্থীয়ে মাধ্যমিক, উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক আটাইকেইটা মাধ্যমতে টেট উত্তীর্ণ হোৱা হেতুকে আটাইকেইটা শিক্ষক পদত আৱেদন কৰিলে।যোগ্যতাৰ ভিত্তিত তেনে একাংশ প্রার্থীক একেলগে দুই-তিনিটা পদৰ বাবে বাছনি কৰা হ’ল।কিন্তু নিযুক্তি-পত্ৰ বিতৰণৰ পূৰ্বে শিক্ষা বিভাগে তেনে প্রার্থীক যিকোনো এটা পদ বাছি ল’বলৈ বাধ্য নকৰালে।যাৰ বাবে কমেও ২,৫০০ পদ এতিয়া ব্লক হৈ পৰিল।উল্লেখযোগ্য যে, ২০১৩ চনত মাধ্যমিক টেটৰ ফলত গ্রেচ মার্ক নিদিয়া শিক্ষা বিভাগে ২০২০ চনত টেটৰ ফলাফলত কিয় গ্রেচ মার্ক দি একাংশক উত্তীর্ণ কৰালে।গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২১ চনৰ ২৬ অক্টোবৰত গ্রেচ মার্কপ্রাপ্ত প্রার্থীক নিযুক্তি নিদিবলৈ নিৰ্দেশ দিছিল।কিন্তু সেই নির্দেশ অমান্য কৰি মাধ্যমিক শিক্ষা বিভাগে মইমতালিৰে লোৱা সিদ্ধান্তৰ বাবে সদ্য নিযুক্তিপ্রাপ্ত হাইস্কুলৰ ১,৩৪১ জন শিক্ষকৰ ভাগ্য ওলমি ৰ’ল।