বোৱাঁও বুলিলেই জানো পাৰি জোনাক বিহ্বল ৰজনী বোৱাঁবলৈ!
পাৰি জানো আপোন কৰিবলৈ হুমুনিয়াহ!!
কৰো বুলিলেই তো নোৱাৰি সপোনৰ দেশত বিচৰণ কৰিবলৈ!
আনিবতো নোৱাৰি পাৰিজাতৰ দেশ বসুধালৈ!
লুইতৰ পাহোৱাল দুবাহুত সপোন ৰচিবলৈ!
শব্দৰ মায়াজালেৰে পৰিধি সিপাৰ মোহাছন্ন কৰি ৰাখিবলৈ
সকলোৰে প্ৰিয়ভাজন হ’বলৈ!!
পাৰি জানো সচাকৈয়ে
অনুভৱৰ বাদানুবাদ- ৰিপুঞ্জয় গোস্বামী, Phd Research Scholar, Kkhsou
