অনুভৱৰ আকুলতাত
মাধুৰী শৰ্মা সভাপণ্ডিত
বুদ্ধক বিচাৰি
চলাথ কৰিছিলো।
চিৰ হৰিৎ অৰণ্য খনে ক’লে
আহাছোন বুকুলে।
মৰম বিচাৰি হাবাথুৰি খাইছিলো
শিলনি বগাই উৰি অহা পখি দুটাই
দুচকুত আঁকি দিছিল এমুঠি হাঁহি।
মই প্ৰত্যয়ৰ হাত স্পৰ্শ কৰি
আকাশলৈ চাইছিলো-
যুগান্তৰৰ জোনাক এজাকে
দি গৈছিল গভীৰ প্ৰশান্তি ।
মোৰ দুৱাৰত ৰৈ আছিল সিদিনা
এজন পথিক-
আত্মজ অতি আত্মজ সুহ্নদ-
কলিজা খন উদঙাই কৈছিল
লোৱা- সকলো লোৱা
মানৱতা-মমত্ব
তোমাক দিলো আইয়ে দিয়া ।
তোমাক শিল হোৱা চাব নোখোজো।