সময়- কাকলি দাস

সময়

কাকলি দাস
কল্লাপাৰা, মিৰ্জা, কামৰূপ

 

সময় সলনি হ’বলৈ বেছি
সময় নালাগে ।
সময় লাগে মাথোঁ
সলনি সময়ৰ লগত
নিজকে সলাবলৈ ।।

সময় লাগে মাথোঁ
সময়ৰ লগত সলনি হোৱা
সময়বোৰক পাহৰিবলৈ ।

সময় লাগে মাথোঁ
সময়ৰ সোঁতত সলনি
হোৱা সম্পৰ্কৰ সমীকৰণবোৰ
সমাধান কৰিবলৈ ।

সময় লাগে মাথোঁ
সোণালী সময়ৰ
সেউজীয়া সপোনবোৰ
সামৰিবলৈ ।।