কৃত্ৰিম বানত জলমগ্ন গুৱাহাটী

pc- The sentinel Assam

কৃত্ৰিম বানত জলমগ্ন গুৱাহাটী

অনলাইন বাৰ্ত্তাসেৱা- গুৱাহাটীক কৃত্ৰিম বান ৰোধত ৰাজ্য চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগম ব্যৰ্থ হৈছে । শ শ কোটি টকা আবণ্টন দিয়াৰ পাছতো  মহানগৰীৰ কৃত্রিম বান ৰোধৰ বাবে ব্যৰ্থ হৈছে  গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই। সাধাৰণ এজাক বৰষুণৰ ফলতে  মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায়। বিশেষকৈ হাতীগাঁও, বেলতলা, ৰুক্মিণীগাঁও, ৰুক্মিণী নগৰ, সৰুমটৰীয়া, জু-নাৰেংগী, নাৰেংগী তিনিআলি, পাথৰ কোৱেৰী, ছয়মাইলকে ধৰি বিভিন্ন অঞ্চলৰ পথ, উপ-পথ কৃত্রিম বানত বুৰ যায়। কৃত্রিম বানৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰে মহানগৰীৰ জনজীৱন। কৃত্রিম বানৰ বিভীষিকাৰ বাবে মহানগৰীৰ জি এছ ৰোড, আৰ জি বৰুৱা পথ, ভি আই পি ৰোড, হাতীগাঁও, মালিগাঁৱকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ পথত কেইবা ঘণ্টা ধৰি তীব্র যান-জঁটৰ সৃষ্টি হয়।