অনাথ শিশু শ্রমিক
এখনি অজ্ঞাত দেশত হয় মোৰ অংগজ,
বহু দুৰ্নীতিৰে ভৰা এইখন সমাজ,
সকলো মানুহৰ আচৰণ নহয় সজ!
এই অত্যাচাৰী সকল দেশৰ বাবে অভিশাপ,
এনে দৰে দেশ চলিলে বৃদ্ধি হব অন্যায় আৰু পাপ,
সকলো এনে যেন বিষাক্ত সাপ।
আমি সেইয়া মানুহ হয়,
যি জন্মৰ পাছতে
আশাৰ পৰা বঞ্চিত কৰা যায়।
পাছত ডাঙৰ হলে,
আৰু কামৰ বোজা দিয়া যায়,
আমাক বৰ অত্যাচাৰে ৰখা যায়।
সকলোৱে বহুত কাম কৰোৱাই,
কোনেও আমাৰ ফালে মন কৰি নাচাই,
আমাৰ কোনো মা-দেউতা নাই।
কেতিয়াবা ভুল হলে গালি খাওঁ,
কাম কৰাৰ পৰা ৰক্ষা নাপাওঁ,
নিশাৰ সময়ত মই কিতাপ মেলি চাওঁ।
আৰু কেতিয়াবা সৰু অপৰাধত,
কঠোৰ দণ্ড দিয়া যায়,
ইয়াৰ পাছত সকলোৱে কামত আকৌ লগায়।
অত্যাচাৰৰ ত্ৰাসতে মূর্ছা যাওঁ,
মনোবলৰ বাবে মা-দেউতাৰ কথা মনত পেলাওঁ,
এনে দৰে কঠোৰ পৰিশ্ৰম কৰি এদিন সফলতা পাওঁ।
–নিতিষ্মান দাস
সপ্তম শ্রেণী