অনলাইন ক্লাছৰ নামত লোৱা ম’বাইলৰ দুৰ্ব্যৱহাৰ যুৱচামৰ

pc- Mobile 72.com

অনলাইন ক্লাছৰ নামত লোৱা ম’বাইলৰ দুৰ্ব্যৱহাৰ যুৱচামৰ

অনলাইন বাৰ্ত্তাসেৱা– লকডাউনৰ সময়ত অনলাইন ক্লাছৰ বাবে লোৱা ফোন একাংশ শিক্ষাৰ্থীয়ে দুৰ্ব্যৱহাৰ কৰিছে। পশ্চিম দৰঙৰ একাংশ শিক্ষাৰ্থীয়ে কেনেদৰে অনলাইন ক্লাছৰ নামত লোৱা ম’বাইলৰ ব্যৱহাৰ কৰিছে সেই বিষয়ে এখন এজাহাৰে উদঙাই দিছে। বেপেৰোৱা স্বভাৱৰ যুৱকৰ হাতৰ পৰা লিক হোৱা অশ্লীল ভিডিঅʼ আৰু স্থিৰ আলোকচিত্ৰই এতিয়া কেইবাগৰাকী যুৱতীৰ জীৱনলৈ নমাই আনিছে ভাবুকি। আনকেইগৰাকী যুৱক-যুৱতীয়ে আত্মসন্মান ৰক্ষাৰ বাবে নিজৰ অপকৰ্ম গাপ দিবলৈ আৰক্ষীৰ পৰা বহুজনলৈ ধনৰ টোপোলা আগ বঢ়াই হ’লেও বিষয়টো বন্ধ কৰাৰ অভিযোগ পোহৰলৈ আহিছে। দেওমৰনৈ বাঘৰবাৰী অঞ্চলৰ এগৰাকী যুৱতীয়ে ৪ বছৰ পূৰ্বৰ অশ্লীল ভিডিঅʼ লিক কৰাৰ বাবে বৰেৰী গাঁৱৰ জিতু নাথ নামৰ যুৱক এজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি বিষয়টোৰ সত্যাসত্য পৰীক্ষা কৰাৰ দিহা কৰিছে। বৰমপুৰৰ এগৰাকী শিক্ষার্থীৰে দেওমৰনৈৰ সমীপৱৰ্তী বাঘৰ বাৰী গাঁৱৰ যুৱক এজনৰ অশ্লীল ভিডিঅʼও এতিয়া মʼবাইলে মʼবাইলে সিঁচৰতি হৈ পৰিছে। এই সন্দৰ্ভতো পাথৰিঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছে। বিশেষকৈ দৰঙত ড্ৰাগ্‌ছ, গাড়ীচোৰ আদিৰ বিৰুদ্ধে দৈনিক পদক্ষেপ লৈ থকাত ব্যক্তিগত জীৱনক লৈ হেতালি খেলি থকা পাষণ্ডবোৰৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত চলাব পৰা নাই। দৰঙত কোনো অপৰাধীক প্রশ্রয় যে দিয়া নহয়, সেয়াও নিশ্চিত। ইপিনে, গুৱাহাটীত অধ্যয়নৰত আন এহাল যুৱক যুৱতীৰ কৰ্মকাণ্ডও সকলোৰে হাতত বিয়পিছে। মুঠতে যৌন অপৰাধ আৰু শিক্ষা গ্রহণৰ বাবে হাতত থকা মʼবাইল ফোন দুই পিঠি হৈছে। পশ্চিম দৰঙৰ একাংশ পথভ্রষ্ট শিক্ষাৰ্থীয়ে এতিয়া বিদ্যালয়ৰ সুনাম সমূলি বিনষ্ট কৰি নিজৰ জীৱনো বিপথগামী হোৱাৰ সংকেত দিছে।